সুদীৰ্ঘ ১৯ বছৰ ধৰি চলা জটিল আলোচনাৰ অন্তত যোৱা ২৭ জানুৱাৰীত ভাৰত আৰু ইউৰোপীয় ইউনিয়নৰ মাজত চূড়ান্ত হ’ল এক ঐতিহাসিক মুক্ত বাণিজ্য চুক্তি। আমেৰিকাই আৰোপ কৰা বর্ধিত শুল্কৰ পৰিপ্ৰেক্ষিতত সৃষ্টি হোৱা বৈশ্বিক পৰিস্থিতিয়ে ২০০৭ চনৰ পৰা স্থবিৰ হৈ থকা এই প্ৰক্ৰিয়াটোক দ্ৰুততৰ কৰি তোলে। ভাৰত চৰকাৰৰ তদানীন্তন যুটীয়া সচিব তথা অসমৰ প্ৰাক্তন মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণই এই চুক্তিক লৈ সন্তুষ্টি প্ৰকাশ কৰি ইয়াৰ ফলত দেশৰ অৰ্থনীতিয়ে এক নতুন গতি লাভ কৰিব বুলি মন্তব্য কৰে।

কুমাৰ সঞ্জয় কৃষ্ণই জনোৱা মতে, ২০১১-১২ চনৰ পৰা কিছুমান বিষয়ত সহমতত উপনীত হ’ব নোৱাৰাৰ বাবে আলোচনা স্থবিৰ হৈ পৰিছিল যদিও যোৱা পাঁচ বছৰত এই প্ৰক্ৰিয়াই পুনৰ গতি লাভ কৰিছে। এই চুক্তিৰ ফলত ভাৰতীয় ৰপ্তানিকাৰীসকলে ইউৰোপীয় ইউনিয়নৰ সদস্য দেশসমূহৰ বাবে এটা উমৈহতীয়া প্লেটফৰ্ম লাভ কৰিব, যাৰ ফলত দীৰ্ঘম্যাদী পৰিকল্পনা কৰাটো সহজ হৈ পৰিব। বিশেষকৈ বিদ্যুৎ খণ্ডৰ বাবে এই চুক্তি অত্যন্ত ফলপ্ৰসূ হ’ব বুলি উল্লেখ কৰি তেওঁ কয় যে ভাৰতীয় বৈদ্যুতিক সঁজুলি নিৰ্মাতাসকলে এতিয়া ইউৰোপীয় মানদণ্ড অনুসৰি অতি সহজে সামগ্ৰী ৰপ্তানি কৰিব পাৰিব।

ইফালে এই বাণিজ্যিক চুক্তিৰ ফলত ভাৰতীয় বজাৰত ইউৰোপীয় উচ্চমানৰ যন্ত্ৰপাতি, ঔদ্যোগিক সা-সঁজুলিৰ লগতে বিলাসী চকলেট, গাড়ী আৰু সুৰা আদিৰ মূল্য হ্ৰাস পাব। আনহাতে ইউৰোপীয় দেশসমূহে ভাৰতৰ পৰা সস্তাতে বস্ত্ৰ, মণি-মুকুতা, ঔষধ, মচলা আৰু তথ্য প্ৰযুক্তিৰ সেৱা লাভ কৰিবলৈ সক্ষম হ’ব। উল্লেখযোগ্য যে, ২০৩০ চনৰ ভিতৰত ৩৭ গিগৱাট অফশ্ব’ৰ বায়ু শক্তি উৎপাদনৰ যি লক্ষ্য ভাৰতে লৈছে, সেই ক্ষেত্ৰত ইউৰোপীয় প্ৰযুক্তিৰ সহযোগিতাই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব।

Leave a Reply

Your email address will not be published. Required fields are marked *