নিষিদ্ধ ঘোষিত সংগঠন আলফা (স্বাধীন)ৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱাৰ ভাতৃৰ বাসগৃহলৈ লক্ষ্য কৰি দেওবাৰে নিশা অচিনাক্ত দুৰ্বৃত্তই সংঘটিত কৰে গুলীবৰ্ষণৰ ঘটনা। তিনিচুকীয়া জিলাৰ চাবুৱাৰ জেৰাইগাঁৱত অৱস্থিত পৰেশ বৰুৱাৰ ভাতৃ মিছন বৰুৱাৰ বাসগৃহত নিশা প্ৰায় ১২ বজাত এই আক্ৰমণ চলে। এই আকস্মিক ঘটনাই সমগ্ৰ অঞ্চলটোতে এক উত্তেজনাময় পৰিৱেশৰ সৃষ্টি কৰিছে। প্ৰত্যক্ষদৰ্শীৰ ভাষ্য অনুসৰি দুজনীয়া এটা দুষ্কৃতিকাৰীৰ দলে মিছন বৰুৱাৰ ঘৰলৈ লক্ষ্য কৰি কেইবাজাঁইও গুলী বৰ্ষণ কৰে। সৌভাগ্যক্ৰমে এই ঘটনাত কোনো লোক হতাহত হোৱা নাই যদিও গুলীৰ আঘাতত বাসগৃহটোৰ দেৱাল আৰু আচবাবৰ ক্ষতিসাধন হয়। নিশাৰ অন্ধকাৰৰ সুযোগ লৈ আক্ৰমণকাৰীৰ দলটোৱে ঘটনাস্থলীৰ পৰা তৎক্ষণাত পলায়ন কৰিবলৈ সক্ষম হয়। আৰক্ষীৰ এটা দল ইতিমধ্যে ঘটনাস্থলীত উপস্থিত হৈ তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিছে। জিলাখনৰ বিভিন্ন গুৰুত্বপূৰ্ণ স্থানত তালাচী অভিযান তীব্ৰতৰ কৰি তোলাৰ লগতে সন্দেহযুক্ত লোকৰ ওপৰত চকু ৰাখিছে নিৰাপত্তাৰক্ষীয়ে। এই জঘন্য আক্ৰমণৰ আঁৰত কোনটো শক্তি জড়িত হৈ আছে, সেই সন্দৰ্ভত বৰ্তমানলৈকে কোনো সুনিশ্চিত তথ্য লাভ কৰা হোৱা নাই। Share this:FacebookX Related Post navigation মহিলা সংৰক্ষণ বিতৰ্ক; কেন্দ্ৰক লক্ষ্য কৰি সংবিধানত হস্তক্ষেপৰ অভিযোগ উত্থাপন মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে ৰাষ্ট্ৰীয় মহিলা আয়োগত গোচৰ কুংকী চৌধুৰীৰ মাতৃ; মানহানি আৰু অনলাইন নিৰ্যাতনৰ গুৰুতৰ অভিযোগ