২০২৬ চনত ৰাজ্যসভাৰ ৭৫খন আসনৰ বাবে এপ্ৰিল, জুন আৰু নৱেম্বৰ মাহত নিৰ্বাচন অনুষ্ঠিত হ’ব। ইয়াৰ ফলত অহা বৰ্ষত ৰাজ্যসভাত বৃহৎ পৰিবৰ্তন দেখিবলৈ পোৱা যাব। ইয়াৰে ২৩৩খন আসন ৰাজ্যিক বিধানসভাৰ দ্বাৰা নিৰ্বাচিত হোৱাৰ বিপৰীতে ১২খন আসন ৰাষ্ট্ৰপতিয়ে মনোনীত কৰে। কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গে, প্ৰাক্তন প্ৰধানমন্ত্ৰী এইচ ডি দেৱেগৌড়া, কেন্দ্ৰীয় মন্ত্ৰী হৰদীপ সিং পুৰী, প্ৰাক্তন মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈকে ধৰি কেইবাগৰাকীও বিশিষ্ট নেতাৰ কাৰ্যকাল অন্ত পৰিব। ২০২৬ চনৰ ২৫ জুনত কৰ্ণাটকৰ পৰা মল্লিকাৰ্জুন খাৰ্গে আৰু এইচ ডি দেৱে গৌড়াৰ কাৰ্যকাল শেষ হ’ব।২০২০ চনৰ পৰা কৰ্ণাটকৰ পৰা ৰাজ্যসভাৰ সাংসদ তথা বিৰোধী দলৰ নেতা হিচাপে কৰ্মৰত খাৰ্গেৰ অৱসৰ কংগ্ৰেছৰ বাবে তাৎপৰ্যপূৰ্ণ।

উত্তৰ প্ৰদেশৰ পৰা ১০খন আসন খালী হ’ব, য’ত কেন্দ্ৰীয় মন্ত্ৰী হৰদীপ সিং পুৰী আৰু বি এল ভাৰ্মাৰ কাৰ্যকাল ২০২৬ চনৰ ২৫ নৱেম্বৰত শেষ হ’ব।ৰাষ্ট্ৰপতি মনোনীত সদস্য ৰঞ্জন গগৈয়ে ২০২৬ চনৰ মাৰ্চ মাহত কাৰ্যকাল সম্পূৰ্ণ কৰিব। মহাৰাষ্ট্ৰত ২০২৬ চনৰ এপ্ৰিল মাহত শাৰদ পাৱাৰ (এনচিপি-এছপি), প্ৰিয়ংকা চতুৰ্বেদী (শিৱসেনা ইউবিটি) আৰু কেন্দ্ৰীয় মন্ত্ৰী ৰামদাস আঠাৱালেকে ধৰি ৭খন আসন খালী হ’ব। ২০২৪ চনত কংগ্ৰেছ ত্যাগ কৰি বিজেপিত যোগদান কৰা ৰাজস্থানৰ ৰৱনীত সিং বিট্টু আৰু মধ্যপ্ৰদেশৰ পৰা জৰ্জ কুৰিয়েন আৰু দিগ্বিজয় সিঙে ২০২৬ চনৰ ২১ জুনত অৱসৰ গ্ৰহণ কৰিব।ঝাৰখণ্ডৰ পৰা জেএমএমৰ শিবু ছ’ৰেন আৰু গুজৰাটৰ পৰা শক্তিসিংহ গোহিলৰ কাৰ্যকালও ২০২৬ চনৰ জুন মাহত কাৰ্যকাল শেষ হ’ব।

অন্ধ্ৰ প্ৰদেশৰ পৰা, টিডিপিৰ ছানা সতীশ বাবু আৰু ৱাই এছ আৰ চি পিৰ অযোধ্যা ৰামি ৰেড্ডী, পৰিমল নাথৱানী আৰু পিল্লী সুভাষে অৱসৰ ল’ব। তেলেংগানাৰ পৰা কংগ্ৰেছৰ অভিষেক মনু সিংভীয়ে ২০২৬ চনৰ এপ্ৰিল মাহত অৱসৰ ল’ব। সম্প্ৰতি ৰাজ্যসভাত এন ডি এৰ ১২৯খন আসন, বিৰোধী দলৰ ৭৮খন আসন। ক্ষমতাৰ ভাৰসাম্যৰ বাবে নিৰ্ণায়ক হ’ব এই নিৰ্বাচন। এই অৱসৰ সমূহে নতুন নেতাৰ সুযোগ প্ৰদান কৰিব, কিন্তু পুৰণি ৰাজনৈতিক যুদ্ধও অব্যাহত থাকিব পাৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *