নিত্য ব্যৱহাৰ্য খাদ্য সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধিয়ে সমগ্ৰ ৰাজ্যতে সৰ্বসাধাৰণ ৰাইজৰ দৈনন্দিন জীৱন-ধাৰণ অতিশয় জটিল কৰি তুলিছে। খাদ্যবস্তুকে ধৰি প্ৰতিবিধ প্ৰয়োজনীয় সামগ্ৰীৰ অনিয়ন্ত্ৰিত দামবৃদ্ধিক লৈ প্ৰশাসনৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ প্ৰকাশ কৰে সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা ড° সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই। ৰাজ্যৰ বজাৰসমূহত সামগ্ৰীৰ মূল্য নিয়ন্ত্ৰণ কৰাত চৰকাৰ সম্পূৰ্ণৰূপে অপাৰগ হৈ পৰা বুলি তেওঁ পোনপটীয়াকৈ অভিযোগ তোলে।

গুৱাহাটীত সংবাদ মাধ্যমৰ সন্মুখত ক্ষোভ প্ৰকাশ কৰি আছুৰ মুখ্য উপদেষ্টাগৰাকীয়ে কয়, “বজাৰত জ্বলিছে জুই, চৰকাৰ আছে শুই। দামবৃদ্ধিয়ে সাধাৰণ ৰাইজৰ জীৱন-ধাৰণ দুৰ্বিষহ কৰি তুলিছে। সকলো স্তৰতে দাম বৃদ্ধি হৈছে আৰু দাম বৃদ্ধি ৰোধ কৰাত চৰকাৰ চূড়ান্তভাৱে ব্যৰ্থ হৈছে। খাদ্যবস্তুকে ধৰি প্ৰতিবিধ অত্যাৱশ্যকীয় সামগ্ৰীৰ জুইছাই দাম হোৱাৰ পাছতো চৰকাৰে দাম বৃদ্ধি ৰোধৰ কোনো ধৰণৰ ব্যৱস্থা লোৱা নাই।”

ৰাজ্যখনৰ প্ৰতিখন বজাৰত খাদ্য সামগ্ৰীৰ লগতে অন্যান্য নিত্য ব্যৱহাৰ্য বস্তুৰ অস্বাভাৱিক মূল্যবৃদ্ধিয়ে সাধাৰণ শ্ৰেণীৰ লোকসকলক বিপাঙত পেলোৱা বুলি ভট্টাচাৰ্যই উল্লেখ কৰে। বজাৰ নিয়ন্ত্ৰণৰ বাবে যোগান বিভাগ অথবা চৰকাৰী তন্ত্ৰৰ কোনো দৃশ্যমান কাৰ্যপন্থা নাই বুলি দাবী কৰি তেওঁ কয় যে প্ৰশাসনৰ এনে নিষ্ক্ৰিয়তাই অসাধু ব্যৱসায়ীসকলক অধিক সুযোগ দিছে।

সৰ্বসাধাৰণ জনতাক এই অসহ্যকৰ বোজাৰ পৰা সকাহ দিয়াৰ বাবে চৰকাৰক তৎকালীনভাৱে কঠোৰ নীতি গ্ৰহণ কৰিবলৈ আহ্বান জনায় ছাত্ৰ নেতাজনে। বজাৰসমূহত নিয়মীয়া নিৰীক্ষণ চলাই উচিত মূল্য নিৰ্ধাৰণ কৰাৰ লগতে মূল্যবৃদ্ধি ৰোধৰ কাৰ্যকৰী পদক্ষেপ নোলোৱালৈকে সাধাৰণ ৰাইজৰ এই দুৰৱস্থা অব্যাহত থাকিব বুলিও তেওঁ সতৰ্ক কৰি দিয়ে।

Leave a Reply

Your email address will not be published. Required fields are marked *