ভাৰতত মহ আৰু মহৰ দ্বাৰা বিয়পা ৰোগে জনস্বাস্থ্যৰ বাবে এক ভয়াৱহ প্ৰত্যাহ্বানৰ সৃষ্টি কৰি আহিছে। তথাপিও তেওঁলোকৰ উপস্থিতি ইমান নিয়মিত হৈ পৰিছে যে ইয়াক প্ৰায়ে উপেক্ষা কৰা হয়। মহক নিৰাপদ দৰ্শনাৰ্থী হিচাপে গণ্য কৰা উচিত নহয় বুলি বিশ্বাস কৰি গড্ৰেজ কনজিউমাৰ প্ৰডাক্টছ লিমিটেড(জিচিপিএল)-এ নিজৰ চিএছআৰ পদক্ষেপ এলিমিনেচন অৱ মছ বৰ্ণ এণ্ডেমিক ডিজিজ (ইএমবিইডি)ৰ অংশ হিচাপে ‘মচ্চৰ হ্যে, মেহমান নহী’ শীৰ্ষক এখন জনসেৱামূলক প্ৰচাৰ ছবি মুকলি কৰি সমগ্ৰ ভাৰতৰ পৰিয়ালসমূহক মহক কিমান সহজে প্ৰতিদিনে প্ৰৱেশৰ অনুমতি দিয়া হয় সেই বিষয়ে ন ৰূপত পুনৰ এবাৰ চিন্তা কৰিবলৈ আহ্বান জনাইছে। এই চিএছআৰ পদক্ষেপ জিচিপিএলৰ প্ৰভাৱমুখী সংস্কৃতিৰ সৈতে সংগতি ৰাখে যিয়ে সম্প্ৰদায়সমূহৰ বাবে প্ৰকৃত পৰিৱৰ্তন সৃষ্টিত মনোনিৱেশ কৰে। মহৰ দ্বাৰা সংক্ৰমিত ৰোগ যেনে ডেংগু, মেলেৰিয়া, চিকুংগুনিয়া আদি ৰোগে সমগ্ৰ ভাৰতবৰ্ষত প্ৰতি বছৰে লাখ লাখ লোকক আক্ৰান্ত কৰি আহিছে। ৰাষ্ট্ৰীয় স্বাস্থ্যৰ তথ্য অনুসৰি ভাৰতত কেৱল ২০২৫ চনত ১.১৩ লাখৰো অধিক ডেংগু ৰোগীৰ তথ্য পোৱা গৈছিল, যি বাৰিষা ঋতুৰ বাহিৰেও শক্তিশালী সামূহিক সজাগতা আৰু প্ৰতিৰোধমূলক পদক্ষেপৰ জৰুৰী প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে।

ভাৰতৰ আতিথ্যৰ গভীৰ পৰম্পৰাৰ দ্বাৰা অনুপ্ৰাণিত হৈ সাধাৰণতে চিৰাচৰিতভাৱে অতিথিসকলক উষ্মতা আৰু সন্মানৰে আদৰণি জনোৱা হয়, এই প্ৰচাৰ অভিযানে এই সাংস্কৃতিক প্রবৃত্তিক সলনি কৰিব বিচাৰিছে। ‘মচ্চৰ হ্যে, মেহমান নহী”(মহ অতিথি নহয়)-এ পৰিয়ালসমূহক মনত পেলাই দিয়ে যে প্ৰতিজন দৰ্শকে আমন্ত্ৰণৰ যোগ্য নহয়। প্ৰচাৰ চলচ্চিত্ৰখনে সৃষ্টিশীলভাৱে প্ৰতিষ্ঠিত বাক্যাংশ ‘পধাৰো মেৰে দেশ’ক ‘না পধাৰো মেৰে দেশ’ লৈ পুনৰ ব্যাখ্যা কৰে, যিয়ে মহবোৰক কেতিয়াও ঘৰৰ ভিতৰত স্বাগতম জনোৱা উচিত নহয় বুলি বাৰ্তাটো শক্তিশালী কৰে।  ই দৈনন্দিন অভ্যাস, যেনে কুলাৰত জমা হৈ থকা পানী, অনাবৃত বাচন, বা ঘৰৰ চাৰিওফালে অৱহেলিত কোণবোৰ কেনেকৈ অজ্ঞাতভাৱে মহৰ প্ৰজনন ক্ষেত্ৰ হ’ব পাৰে তাৰ প্ৰতি মনোযোগ আকৰ্ষণ কৰে।

গড্ৰেজ কনজিউমাৰ প্ৰডাক্টছ লিমিটেডৰ এমডি আৰু চিইঅ’ সুধীৰ সীতাপতিয়ে ছবিখনৰ সন্দৰ্ভত মন্তব্য কৰি কয় যে, “মহজনিত ৰোগ জনসাধাৰণৰ স্বাস্থ্যৰ বাবে এক গুৰুত্বপূৰ্ণ সমস্যা হৈয়ে আছে।  ইয়াৰ বাবে সামূহিক সজাগতা আৰু ধাৰাবাহিক আচৰণগত পৰিৱৰ্তনৰ প্ৰয়োজন।” প্ৰচাৰ চলচ্চিত্ৰখনৰ সৃষ্টিকৰ্তা স্বাতী ভট্টাচাৰ্যই এই বিষয়ে কয় যে, “মহৰ সৈতে বন্ধুত্ব ত্যাগ কৰক আৰু আতিথ্য বিৰোধী কাৱালী কৰক-মচ্চৰ হে মেহমান নহী “। ইয়াৰ জৰিয়তে বিদ্যালয়ৰ জড়িতকৰণ, সম্প্ৰদায়ৰ প্ৰসাৰ অভিযান, সমগ্ৰ মহাৰাষ্ট্ৰত বৃহৎ পৰিমাণে দেৱাল লিখন, ৰেডিঅ’ কথন আৰু নাগৰিকসকলক ‘মহক আনফ্ৰেণ্ড কৰক’ আদি প্ৰয়াসেৰে উৎসাহিত কৰা এক ৰাষ্ট্ৰীয় ডিজিটেল আন্দোলনকে ধৰি এক বহু-চেনেল সজাগতা কাৰ্যসূচীৰ জৰিয়তে’মচ্চৰ হ্যে, মেহমান নহী’ সক্ৰিয় ৰূপত প্ৰচাৰ কৰা হ’ব।

Leave a Reply

Your email address will not be published. Required fields are marked *