অসমৰ যোৰহাট জিলাৰ হোলোঙাপাৰ গিবন বন্যপ্ৰাণী অভয়াৰণ্যৰ কাষৰীয়া অঞ্চলৰ স্কুলীয়া শিক্ষাৰ্থীসকলৰ মাজত গিবন সংৰক্ষণৰ সজাগতা সৃষ্টিৰ উদ্দেশ্যে অগ্ৰণী জৈৱ বৈচিত্ৰ্য সংৰক্ষণ সংস্থা আৰণ্যকে এলানি শৈক্ষিক অভিযান আৰম্ভ কৰিছে । এই অমূল্য প্ৰজাতিৰ বন্যপ্ৰাণীবিধৰ সংৰক্ষণৰ উদ্দেশ্যে হাতত লোৱা এই অভিযানলানিৰ বাবে “দ্য হেবিটেটছ ট্ৰাষ্ট” আৰু অসমৰ বন বিভাগে সহযোগিতা আগবঢ়াইছে । আৰণ্যকৰ প্ৰাইমেট গৱেষণা আৰু সংৰক্ষণ বিভাগৰ মূৰব্বী ড: দিলীপ চেট্ৰীয়ে কয়, “ ভাৰতত পোৱা অদ্বিতীয় হলৌ গিবনৰ বিষয়ে শিক্ষাৰ্থী সকলক পৰিচয় কৰাই দিয়া আৰু গিবনৰ সংৰক্ষণৰ বাবে আগবাঢ়ি আহিবলৈ তেওঁলোকক অনুপ্ৰাণিত কৰাই এই শৈক্ষিক আৰু সজাগতা অভিযানৰ মূল লক্ষ্য” । এই পৰ্যন্ত আৰণ্যকৰ প্ৰাইমেট গৱেষণা আৰু সংৰক্ষণ বিভাগে ১৮খন বিদ্যালয়ৰ প্ৰায় ২০০০ শিক্ষাৰ্থীক এই বিপন্নপ্ৰায় বন্যপ্ৰাণীবিধৰ সংৰক্ষণৰ বিভিন্ন দিশৰ বিষয়ে শিক্ষাদান কৰিছে বুলি প্ৰসিদ্ধ প্ৰাইমেট’ল’জিষ্টজনে কয় । ভাৰতৰ কেৱল উত্তৰ পূৰ্বাঞ্চলৰ সাতখন ৰাজ্যতহে পোৱা এই অদ্বিতীয় প্ৰজাতিৰ “ৱেষ্টাৰ্ণ হ’ল’ক গিবন”ৰ বিচৰণথলী ব্ৰহ্মপুত্ৰ-দিবাং নদী প্ৰণালীৰ দক্ষিণ পাৰতে সীমাবদ্ধ । \ আৰণ্যকৰ এই সজাগতা অভিযানত ক্ৰমে মেলেং চাইদিং নিম্ন প্ৰাথমিক বিদ্যালয়, মধুপুৰ নিম্ন প্ৰাথমিক বিদ্যালয়, ৬৫৯ নং টুনীমুখ মেলেং গ্ৰান্ট নিম্ন প্ৰাথমিক বিদ্যালয়, নৰেন চেতিয়া সোৱৰণী জাতীয় বিদ্যালয়, ফেচুৱাল জয়শ্ৰী উচ্চ বিদ্যালয়, ৯৫ নং কলীয়াপানী বাগান নিম্ন প্ৰাথমিক বিদ্যালয়, ডোকলিঙীয়া বাগিচা নিম্ন প্ৰাথমিক বিদ্যালয়, ২ নং জলতীয়া বনুৱা নিম্ন প্ৰাথমিক বিদ্যালয়, চাংচোৱা বস্তি নিম্ন প্ৰাথমিক বিদ্যালয় , দিহীঙীয়াপাৰা ৮ নং পকালাইন নিম্ন প্ৰাথমিক বিদ্যালয় , দিহীঙীয়াপাৰা বাগান নিম্ন প্ৰাথমিক বিদ্যালয়, কঠালগুৰি বাগান নিম্ন প্ৰাথমিক বিদ্যালয় , ঠাকুৰপ্ৰসাদ মধ্য ইংৰাজী বিদ্যালয়, ঠাকুৰপ্ৰসাদ পাব্লিক স্কুল, হিন্দুবাৰী বাগল নিম্ন প্ৰাথমিক বিদ্যালয় , হিন্দুবাৰী মছদপুৰ নিম্ন প্ৰাথমিক বিদ্যালয় , আদৰ্শ মিছিং জনজাতীয় নিম্ন প্ৰাথমিক বিদ্যালয় আৰু আদৰ্শ মিছিং জনজাতীয় উচ্চ বিদ্যালয়ক সামৰা হৈছে । Share this:FacebookX Related Post navigation দীপৰ বিলত আন্তঃৰাষ্ট্ৰীয় জৈৱ বৈচিত্ৰ্য দিৱস উদযাপন বিশ্ব ধপাত-বিৰোধী দিৱস