অসম বিধানসভা নিৰ্বাচনৰ ৰণক্ষেত্ৰত পদাৰ্পণ কৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে। লোকসভাৰ বিৰোধী উপ-দলপতিগৰাকীয়ে সোমবাৰে এক বিশাল শোভাযাত্ৰাৰ অন্তত যোৰহাট বিধানসভা সমষ্টিৰ বাবে নিজৰ মনোনয়ন পত্ৰ দাখিল কৰে। জিলা আয়ুক্তৰ কাৰ্যালয়ত মনোনয়ন দাখিলৰ পূৰ্বে তেওঁ যোৰহাট ষ্টেডিয়ামৰ পৰা এক বৃহৎ ৰোডশ্ব’ উলিয়াই নিজৰ সাংগঠনিক শক্তি প্ৰদৰ্শন কৰে।

নিৰ্বাচনী যুঁজখনত অৱতীৰ্ণ হোৱাৰ আগমুহূৰ্তত গগৈয়ে যোৰহাটৰ বিভিন্ন ধৰ্মীয় অনুষ্ঠানত উপস্থিত হৈ আশীৰ্বাদ গ্ৰহণ কৰে। তেওঁ বৰদেউৰী গোসাঁনী দেৱালয়, মাচৰহাটৰ বৰনামঘৰ, তাৰাজান মছজিদ, গুৰুদ্বাৰ আৰু জেল ৰোডৰ গিৰ্জাঘৰ দৰ্শন কৰি এক সৰ্বধৰ্মীয় সম্প্ৰীতিৰ বাৰ্তা প্ৰেৰণ কৰে। মনোনয়ন দাখিলৰ পাছত সংবাদ মাধ্যমৰ সন্মুখত গগৈয়ে কয়, “অসমৰ ৰাইজে এখন স্বচ্ছ চৰকাৰ বিচাৰিছে আৰু আমি ৰাইজৰ হৈ এক স্বচ্ছতাৰ অভিযান আগুৱাই লৈ গৈ আছোঁ।”

যোৰহাট সমষ্টিত এইবাৰ এক তীব্ৰ নিৰ্বাচনী প্ৰতিযোগিতাৰ সৃষ্টি কৰিছে গৌৰৱ গগৈৰ প্ৰৱেশে। সমষ্টিটোৰ পাঁচবাৰৰ বিধায়ক তথা বিজেপিৰ জ্যেষ্ঠ নেতা হীতেন্দ্ৰ নাথ গোস্বামীৰ সৈতে তেওঁ এইবাৰ পোনপটীয়া প্ৰতিদ্বন্দ্বিতাত অৱতীৰ্ণ হৈছে। গগৈয়ে যোৰহাটৰ লগতে তিতাবৰৰ প্ৰাৰ্থী প্ৰাণ কুৰ্মী আৰু টীয়কৰ পল্লৱী শইকীয়া গগৈৰ লগতে মিত্ৰজোঁটৰ সকলো প্ৰাৰ্থীক শুভেচ্ছা জ্ঞাপন কৰি এক ‘নিকা আৰু নতুন বৃহত্তৰ অসম’ গঢ়াৰ সংকল্প দোহাৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *