দেশৰ আভ্যন্তৰীণ জলপৰিবহণৰ ইতিহাসত এক নতুন মাত্ৰা যোগ কৰি ব্ৰহ্মপুত্ৰ নদীৰ পাৰত চাৰিটাকৈ নৈপৰীয়া লাইটহাউচ নিৰ্মাণৰ বাবে বৃহস্পতিবাৰে আধাৰশিলা স্থাপন কৰে কেন্দ্ৰীয় বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে। গুৱাহাটীৰ লাচিত ঘাটত অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত মন্ত্ৰীগৰাকীয়ে দেশৰ ভিতৰতে প্ৰথমবাৰৰ বাবে নদীৰ বুকুত এনে লাইটহাউচ আন্তঃগাঁথনিৰ শুভাৰম্ভ কৰে। প্ৰায় ৮৪ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ’বলগীয়া এই লাইটহাউচসমূহে ব্ৰহ্মপুত্ৰৰ জলপথক অধিক সুৰক্ষিত আৰু সক্ৰিয় কৰি তুলিব বুলি আশা কৰা হৈছে। ব্ৰহ্মপুত্ৰৰ গুৰুত্বপূৰ্ণ স্থান হিচাপে চিহ্নিত ডিব্ৰুগড়ৰ বগীবিল, কামৰূপ মহানগৰৰ পাণ্ডু, নগাঁৱৰ শিলঘাট আৰু বিশ্বনাথ ঘাটত এই লাইটহাউচকেইটা স্থাপন কৰা হ’ব। প্ৰতিটো লাইটহাউচ ২০ মিটাৰ ওখ হ’ব আৰু এইসমূহ সম্পূৰ্ণৰূপে সৌৰ শক্তিৰে পৰিচালিত হ’ব। কেৱল জাহাজৰ দিশ নিৰ্ণয়ৰ বাবেই নহয়, এই স্থানসমূহক পৰ্যটন কেন্দ্ৰ হিচাপে গঢ়ি তুলিবলৈ সংগ্ৰহালয়, মুকলি প্ৰেক্ষাগৃহ, কেফেটেৰিয়া আৰু শিশুৰ উদ্যানৰ দৰে আধুনিক সুবিধাও অন্তৰ্ভুক্ত কৰা হৈছে। ২০২৪-২৫ বিত্তীয় বৰ্ষত ব্ৰহ্মপুত্ৰৰ জলপথত পণ্য সামগ্ৰীৰ পৰিবহণ ৫৩ শতাংশ বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিততে এই পদক্ষেপ গ্ৰহণ কৰিছে চৰকাৰে। আধাৰশিলা স্থাপন কৰি কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয়, “প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বলিষ্ঠ নেতৃত্বত জলপথসমূহ কেৱল এটা বিকল্প নহয়, বৰঞ্চ আমাৰ অৰ্থনীতিৰ বাবে এক শক্তি সঞ্চাৰক হিচাপে গঢ়ি তোলা হৈছে। ব্ৰহ্মপুত্ৰৰ এই লাইটহাউচসমূহে প্ৰমাণ কৰিছে যে ভাৰতৰ নদীসমূহ এতিয়া ব্যৱসায়-বাণিজ্যৰ বাবে ২৪ ঘণ্টাই মুকলি।” তেওঁ লগতে কয়, “জলপথেৰে পণ্য পৰিবহণ কৰিলে খৰচ বহু পৰিমাণে কমে। পথ পৰিবহণৰ তুলনাত জলপথত খৰচ মাত্ৰ এক তৃতীয়াংশহে হয়, যিয়ে উত্তৰ-পূৰ্বাঞ্চলৰ যোগান শৃংখলাক অধিক শক্তিশালী কৰিব।” জলপথত নিশাৰ ভাগত যাতায়াত সুৰক্ষিত কৰাৰ লক্ষ্যৰে আই ডব্লিউ এ আই আৰু ডি জি এল এলৰ মাজত হোৱা এক বুজাবুজিৰ চুক্তিৰ আধাৰত এই প্ৰকল্পটো হাতত লোৱা হৈছে। ব্ৰহ্মপুত্ৰৰ এই ২ নম্বৰ ৰাষ্ট্ৰীয় জলপথটো বৰ্তমান অসমৰ চাহ, কয়লা আৰু সাৰ উদ্যোগৰ বাবে এক অপৰিহাৰ্য অংগ হৈ পৰিছে। এই নতুন লাইটহাউচসমূহে যিকোনো বতৰতে জাহাজৰ চলাচল সুনিশ্চিত কৰাৰ লগতে জলপথৰ জৰিয়তে পৰ্যটন খণ্ডকো এক নতুন গতি প্ৰদান কৰিব বুলি চৰকাৰী সূত্ৰই প্ৰকাশ কৰিছে। Share this:FacebookX Related Post navigation মধ্যপ্ৰাচ্যত অব্যাহত যুদ্ধ বিধানসভা নিৰ্বাচনৰ পূৰ্বে পশ্চিমবংগৰ ৰাজ্যপালৰ পদত্যাগ; অতিৰিক্ত দায়িত্ব লাভ আৰ এন ৰবিৰ