আগন্তুক বিধানসভা নিৰ্বাচনৰ ক্ষণ চমু চাপি অহাৰ লগে লগে ৰাজ্যৰ প্ৰশাসনিক যন্ত্ৰত এক ব্যাপক ৰদবদল ঘটাইছে অসম চৰকাৰে। বুধবাৰে পাৰ্ছনেল বিভাগৰ সচিব মনিতা বৰগোহাঁইয়ে জাৰি কৰা এক নিৰ্দেশ মৰ্মে মুঠ ১৫ গৰাকী আই এ এছ আৰু ৰাজ্যিক সেৱাৰ জ্যেষ্ঠ বিষয়াক বিভিন্ন জিলালৈ বদলি কৰা হৈছে। এই নিৰ্দেশনা অনুসৰি, গৃহ আৰু ৰাজনৈতিক বিভাগৰ আয়ুক্ত তথা সচিব পাৰ্থ প্ৰতিম মজুমদাৰক বদলি কৰি বজালী জিলাৰ আয়ুক্ত হিচাপে নিযুক্তি দিয়া হৈছে।

বজালীৰ বৰ্তমানৰ জিলা আয়ুক্ত মৃদুল কুমাৰ দাসক গৃহ আৰু ৰাজনৈতিক, মহিলা আৰু শিশু বিকাশ বিভাগৰ অতিৰিক্ত সচিবৰ লগতে এন আৰ চিৰ ৰাজ্যিক সমন্বয়ক আৰু ই-ফৰেইনাৰ্ছ ট্ৰিব্যুনেল প্ৰকল্পৰ মুখ্য কাৰ্যবাহী বিষয়া হিচাপে বদলি কৰা হৈছে। একেদৰে এম্প্লয়মেন্ট এণ্ড ক্ৰাফ্টছমেন ট্ৰেইনিঙৰ সঞ্চালক নৰেন্দ্ৰ কুমাৰ শ্বাহক মুখ্যমন্ত্ৰীৰ সচিবালয়ৰ সচিব হিচাপে দায়িত্ব দিয়াৰ বিপৰীতে আদিত্য বিক্ৰম যাদৱক উত্তৰ লক্ষীমপুৰৰ নতুন জিলা আয়ুক্ত হিচাপে নিযুক্তি দিয়া হৈছে। উত্তৰ লক্ষীমপুৰৰ পূৰ্বৰ আয়ুক্ত প্ৰণৱ জিৎ কাকতিক কৌশল নিযুক্তি আৰু উদ্যোগী বিভাগৰ অতিৰিক্ত সচিব হিচাপে বদলি কৰা হৈছে।

প্ৰশাসনিক সালসলনিৰ এই তালিকাত পশ্চিম কাৰ্বি আংলঙৰ নতুন জিলা আয়ুক্ত হিচাপে নিযুক্তি লাভ কৰিছে সাধাৰণ প্ৰশাসন বিভাগৰ যুটীয়া সচিব প্ৰীতি কুমাৰীয়ে। বৰ্তমানৰ আয়ুক্ত সাৰংগ পানী শৰ্মাক পৰিবহণ বিভাগৰ সচিব তথা অসম অভ্যন্তৰীণ জল পৰিবহণ উন্নয়ন সমিতিৰ ৰাজ্যিক প্ৰকল্প সঞ্চালক হিচাপে নিযুক্তি দিয়া হৈছে। দৰং জিলাৰ নতুন আয়ুক্ত হ’ব বিত্ত বিভাগৰ যুটীয়া সচিব আয়ুষী জৈন আৰু বৰ্তমানৰ দৰঙৰ আয়ুক্ত পূবালী গোহাঁইক গোলাঘাটৰ জিলা আয়ুক্তৰ দায়িত্ব অৰ্পণ কৰা হৈছে। গোলাঘাটৰ বৰ্তমানৰ আয়ুক্ত পৰাগ কুমাৰ কাকতিক ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ অতিৰিক্ত সচিবৰ দায়িত্ব দিয়া হৈছে।

আনহাতে, বাক্সা জিলাৰ নতুন আয়ুক্ত হিচাপে ধীৰাজ চৌদক নিযুক্তি দিয়াৰ বিপৰীতে পূৰ্বৰ আয়ুক্ত গৌতম দাসক পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ সচিব হিচাপে বদলি কৰা হৈছে। চিৰাং জিলাৰ আয়ুক্ত যতীন বৰাক সাধাৰণ প্ৰশাসন বিভাগৰ সচিব হিচাপে বদলি কৰি তেওঁৰ স্থানত গকুল চন্দ্ৰ ব্ৰহ্মক নতুন আয়ুক্ত হিচাপে নিযুক্তি দিয়া হৈছে। সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাছত ১২৬ টা সমষ্টিৰ বাবে এপ্ৰিল মাহত হ’বলগীয়া নিৰ্বাচনৰ পূৰ্বে চৰকাৰৰ এই পদক্ষেপক এক বিশেষ প্ৰশাসনিক কুচকাৱাজ হিচাপে গণ্য কৰা হৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *