প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ হত্যাৰ গোচৰক কেন্দ্ৰ কৰি ফাষ্টট্ৰেক আদালতত চলি থকা শুনানিৰ মাজতে পোহৰলৈ আহিছে এক চাঞ্চল্যকৰ তথ্য। বুধবাৰে গোচৰৰ মূল অভিযুক্ত শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাৰ জামিন আবেদনৰ শুনানি গ্ৰহণৰ সময়তে এক বিশেষ সাক্ষ্যই সমগ্ৰ বিষয়টোক নতুন মোৰ প্ৰদান কৰে। ছিংগাপুৰত থকাৰ সময়ত অভিযুক্ত শ্যামকানুৱে জুবিনক সুৰা যোগান নধৰিবলৈ হোটেল কৰ্তৃপক্ষক ই-মেইল দিয়াৰ যি দাবী কৰিছিল, সেয়া এতিয়া আদালতত এক মিথ্যাচাৰ বুলি অভিহিত কৰিছে চৰকাৰী অধিবক্তাই। চৰকাৰী অধিবক্তা জিয়াউৰ ৰহমানে সংবাদ মাধ্যমৰ আগত এই সন্দৰ্ভত এক বিস্ফোৰক মন্তব্য কৰে। তেওঁৰ ভাষ্য অনুসৰি, শ্যামকানুৱে এফালে হোটেল কৰ্তৃপক্ষক সুৰা নিদিবলৈ মেইল কৰিছিল যদিও আনফালে অভিমন্যু নামৰ এজন প্ৰবাসী ভাৰতীয়ৰ জৰিয়তে জুবিনলৈ সুৰাৰ বটল যোগান ধৰিছিল। এই তথ্য খোদ এজন প্ৰবাসী অসমীয়া সাক্ষীৰ ভাষ্যত স্পষ্ট হৈ পৰিছে। অভিযুক্তৰ এই বিপৰীতমুখী স্থিতিক আদালতত এক ‘নিমিলা অংক’ হিচাপে উত্থাপন কৰিছে চৰকাৰী অধিবক্তাগৰাকীয়ে। বুধবাৰে শ্যামকানু মহন্তৰ জামিন শুনানি সম্পন্ন নোহোৱাত আদালতে বৃহস্পতিবাৰে পুনৰ শুনানিৰ দিন ধাৰ্য কৰিছে। ইফালে আন এজন অভিযুক্ত সিদ্ধাৰ্থ শৰ্মাৰ শপতনামা ভুলকৈ দাখিল কৰাৰ বাবে আদালতে সেই আবেদন গ্ৰহণ নকৰিলে আৰু অধিবক্তাক পুনৰ শপতনামা দাখিলৰ নিৰ্দেশ দিয়ে। দীৰ্ঘদিন ধৰি জে’লত থকাৰ অজুহাতত অভিযুক্তই জামিন বিচাৰিছিল যদিও চৰকাৰী পক্ষই ইয়াৰ তীব্ৰ বিৰোধিতা কৰে। ১৯০ দিন কাৰাগাৰত থকাটো জামিনৰ ভিত্তি হ’ব নোৱাৰে বুলি যুক্তি দৰ্শাই আবেদন নাকচ কৰিবলৈ অনুৰোধ জনাইছে ৰাজ্য চৰকাৰৰ অধিবক্তাই। অহা সপ্তাহৰ পৰা অভিযুক্তক দোষী সাব্যস্ত কৰাৰ চৰকাৰী প্ৰক্ৰিয়া আৰম্ভ হ’ব বুলি জানিব পৰা গৈছে। Share this:FacebookX Related Post navigation নিউ বঙাইগাঁও ৰেল ষ্টেচনত আৰক্ষীৰ বৃহৎ অভিযান; কোটি টকাৰ সোণসহ এজন সৰবৰাহকাৰী আটক মিৰ্জাপুৰত ট্ৰাক আৰু বাহনৰ মাজত ভয়ংকৰ সংঘৰ্ষ; জীৱন্তে অগ্নিদগ্ধ হৈ ১১ জনৰ কৰুণ মৃত্যু