আগন্তুক নিৰ্বাচনৰ প্রাকক্ষণত নগাঁৱৰ চামগুৰিত এক পৰিত্যক্ত স্কুটীৰ পৰা বৃহৎ পৰিমাণৰ নগদ ধন উদ্ধাৰ হোৱা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। চামগুৰি আৰক্ষী থানাৰ অন্তৰ্গত শালনা-বৰজুৰী পথৰ কাষত ৰখাই থোৱা এখন ক’লা ৰঙৰ স্কুটীৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰে ২৭.১৭ লাখ টকা। নিৰ্জন স্থানত ইমান বৃহৎ পৰিমাণৰ ধন কোনো লোকে কিয় এৰি থৈ গৈছিল, তাক লৈ এতিয়া তীব্ৰ ৰহস্যৰ সৃষ্টি হৈছে।

স্থানীয় ৰাইজে পথৰ কাষত এএছ ০২ আৰ ৮৬৪১ নম্বৰৰ স্কুটীখন দীৰ্ঘসময় ধৰি পৰি থকা দেখি আৰক্ষীক খবৰ দিছিল। পাছত চামগুৰি আৰু শালনা আৰক্ষীৰ এটা দলে ঘটনাস্থলীত উপস্থিত হৈ তালাচী চলাই স্কুটীখনৰ ভিতৰত থকা টকাখিনি জব্দ কৰে। নিশা আৰক্ষীয়ে ধনখিনি গণনা কৰাৰ পাছত মুঠ ২৭,১৭,৮৮০ টকা থকাটো নিশ্চিত কৰে আৰু বৰ্তমান এই ধনখিনি আৰক্ষীৰ জিম্মাত ৰখা হৈছে।

নিৰ্বাচনৰ সময়ত ক’লা ধনৰ লেনদেন ৰোধ কৰিবলৈ আৰক্ষী আৰু নিৰ্বাচন আয়োগে কঠোৰ তদাৰক চলাই থকাৰ সময়তে উদ্ধাৰ হোৱা এই ধনে বিশেষ তাৎপৰ্য বহন কৰিছে। আৰক্ষীয়ে ইতিমধ্যে স্কুটীখনৰ মালিক আৰু ধনখিনিৰ উৎসৰ সন্ধানত জোৰদাৰ তদন্ত আৰম্ভ কৰিছে। এই পৰ্যন্ত কোনো ব্যক্তিক কৰায়ত্ত কৰা হোৱা নাই যদিও আৰক্ষীৰ শীৰ্ষ মহলে তদন্তৰ পাছতহে প্ৰকৃত তথ্য পোহৰলৈ আহিব বুলি জানিবলৈ দিছে।

প্ৰশাসনৰ তৰফৰ পৰা কোনো চৰকাৰী বিবৃতি দিয়া হোৱা নাই যদিও এই বৃহৎ পৰিমাণৰ ধন নিৰ্বাচনী কাম-কাজত ব্যৱহাৰৰ বাবে অনা হৈছিল নেকি, সেই দিশটোতো তদন্তকাৰী বিষয়াই গুৰুত্ব দিছে। নিৰ্বাচনৰ আগে আগে নগাঁৱত উদ্ধাৰ হোৱা এই ধনে ৰাজনৈতিক মহলতো ব্যাপক চৰ্চা লাভ কৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *