“অসমৰ ভিতৰতে অভিলেখ সংখ্যক ভোট লাভ কৰি বিজয় সাব্যস্ত কৰিব জনপ্ৰিয় মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই। বিগত সময়চোৱাত অসমত যি উন্নয়নৰ ধাৰা চলি আছে সেয়া বিজেপি চৰকাৰে অব্যাহত ৰাখিব। উন্নয়নৰ ধাৰা অব্যাহত ৰখাৰ লগতে সাধাৰণ জনতাৰ কাষত সদায় থকাৰ বাবে সকলোৱে বিজেপি আৰু মিত্ৰজোটৰ প্ৰাৰ্থী সকলক জয়লাভ কৰাব লাগিব।”

এই মন্তব্য পলাশবাৰী সমষ্টিৰ বিধায়ক হেমাংগ ঠাকুৰীয়াৰ। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ সমৰ্থনত জালুকবাৰী সমষ্টিৰ খানামুখৰ পৰা আজি বিয়লি উলিওৱা হয় এটি বিশাল বাইক ৰেলী। বাইক ৰেলীটো উদ্বোধন কৰে বিধায়ক হেমাংগ ঠাকুৰীয়াই। কাৰ্যসুচীত বিজেপিৰ জোষ্ঠ কাৰ্যকৰ্তা মনোজ কুমাৰ দাস , পাৰিষদ হুকুম চান্দ আলী বক্সী , হেমেন কলিতা প্ৰমুখ্যে বহু কাৰ্যকৰ্তা উপস্থিত থাকে।

ডঃ হিমন্ত বিশ্ব শৰ্মা জিন্দাবাদ, নৰেন্দ্ৰ মোডী জিন্দাবাদ, আকৌ এবাৰ বিজেপি চৰকাৰ , ধ্বনি দি কেবা সহস্ৰাধিক সমৰ্থকে বাইকেৰে খানামুখৰ পৰা লংকেশ্বৰ-গাড়ীগাও- সদিলাপুৰ হৈ সমগ্ৰ ১ নং ৱাৰ্ডটো পৰিভ্ৰমণ কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *