মানৱ অংগৰ অবৈধ সৰবৰাহৰ বিৰুদ্ধে চলোৱা এক বিশেষ অভিযানত ডিব্ৰুগড় আৰু তিনিচুকীয়া আৰক্ষীয়ে যৌথভাৱে উৎখাত কৰে এটা বৃহৎ চক্ৰ। এই অভিযানত মাৰ্ঘেৰিটাৰ পৰা আটক কৰা হয় চাৰিজনীয়া এটা দালালৰ দলক। ধৃত অভিযুক্ত কেইজনক ক্ৰমে জাকিৰ হুছেইন (৫৩), শংকৰ চেন্টানু (২৮), সমীৰ পাল (৩৭) আৰু গোপাল ৰয় (৩১) বুলি চিনাক্ত কৰা হৈছে।

আৰক্ষীৰ সূত্ৰই জনোৱা মতে সমীৰ পাল আৰু গোপাল ৰয় ডিব্ৰুগড়ৰ বাসিন্দা। আনহাতে জাকিৰ হুছেইন আৰু শংকৰ চেন্টানু মাৰ্ঘেৰিটাৰ ভেনিয়াৰ মিল অঞ্চলৰ বুলি জানিব পৰা গৈছে। তদন্তকাৰীৰ তথ্য অনুসৰি এই অভিযুক্ত কেইজনে ৰাজীৱ দে নামৰ ৩৫ বছৰীয়া এজন ব্যক্তিক ধন আৰু চাকৰিৰ প্ৰলোভনেৰে মিছা প্ৰতিশ্ৰুতি দি তেওঁৰ বৃক্ক বিক্ৰী কৰাৰ চেষ্টা চলাইছিল। ভুক্তভোগী পৰিয়ালৰ লোকে দাখিল কৰা অভিযোগৰ ভিত্তিত আৰক্ষীয়ে এই সফল অভিযান চলায়।

তিনিচুকীয়া জিলাৰ ডি এছ পি (অপৰাধ) ফায়েজ আহমেদৰ নেতৃত্বত আৰু ডিব্ৰুগড় আৰক্ষীৰ সহযোগত চলিছিল এই বিশেষ অভিযান। আৰক্ষীয়ে সন্দেহ কৰা মতে এক বৃহৎ অবৈধ মানৱ অংগ সৰবৰাহকাৰী নেটৱৰ্কে সমগ্ৰ অসমতে সক্ৰিয় হৈ দৰিদ্ৰ জনসাধাৰণক লক্ষ্য কৰি লৈছে। এই চক্ৰটোৰ সৈতে কোনো চিকিৎসালয়, চিকিৎসা কৰ্মী বা চিকিৎসক জড়িত আছে নেকি সেই সন্দৰ্ভত তদন্তকাৰী বিষয়াই বৰ্তমান সোধা-পোছা অব্যাহত ৰাখিছে। মানৱ জীৱনক লৈ চলোৱা এই ঘৃণনীয় ব্যৱসায়ৰ বিৰুদ্ধে এতিয়া ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়।

Leave a Reply

Your email address will not be published. Required fields are marked *