নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ প্ৰাকক্ষণত বিজেপিত চামিল হোৱাৰ চৰ্চাৰ মাজতে এইবাৰ মুখ খুলিলে অসম বিধানসভাৰ প্ৰাক্তন বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই। নিৰ্বাচনৰ প্ৰাকক্ষণত ৰাজনৈতিক মুনাফা লাভৰ উদ্দেশ্যে তেওঁৰ বিৰুদ্ধে ভুৱা প্ৰচাৰ চলোৱাৰ অভিযোগ উত্থাপন কৰে জ্যেষ্ঠ কংগ্ৰেছ নেতাগৰাকীয়ে। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমৰ বিশেষ নেটৱৰ্ক আৰু প্ৰচাৰ তন্ত্ৰৰ জৰিয়তে জনসাধাৰণক বিপথে পৰিচালিত কৰিবলৈ এনে উৰাবাতৰি বিয়পাইছে বুলিও তেওঁ ক্ষোভ প্ৰকাশ কৰে।

কংগ্ৰেছ দলৰ ধৰ্মনিৰপেক্ষ আৰু গণতান্ত্ৰিক আদৰ্শৰ প্ৰতি দৃঢ়ভাৱে দায়বদ্ধ বুলি উল্লেখ কৰি শইকীয়াই কয় যে বিজেপিত যোগদান কৰাৰ কোনো প্ৰশ্নই উত্থাপন নহয়। বিজেপিয়ে নিজৰ সাম্প্ৰদায়িক ৰাজনীতিৰ পথ সলনি নকৰালৈকে তেনে কোনো সম্ভাৱনা নাই বুলি স্পষ্ট কৰি তেওঁ মহাত্মা গান্ধীৰ হত্যাকাণ্ড আৰু ৰাষ্ট্ৰ নিৰ্মাণত জৱাহৰলাল নেহৰুৰ অৱদানৰ কথাও সোঁৱৰাই দিয়ে। বিৰোধী দলপতি হৈ থকাৰ সময়ৰে পৰা বিধানসভাৰ মজিয়াৰ পৰা আদালতলৈকে অসমৰ ৰাইজৰ অধিকাৰ, সমস্যা আৰু ন্যায়ৰ বাবে নিৰন্তৰ সংগ্ৰাম চলাই অহা বুলিও তেওঁ মন্তব্য কৰে।

বিজেপিয়ে দললৈ অহা নেতাসকলৰ ওপৰত ভয়-ভাবুকিৰ কৌশল প্ৰয়োগ কৰাৰ অভিযোগ উত্থাপন কৰে প্ৰাক্তন বিৰোধী দলপতিগৰাকীয়ে। কোনো ধৰণৰ ৰাজনৈতিক চাপ বা অপপ্ৰচাৰে তেওঁৰ স্থিতি সলনি কৰিব নোৱাৰে বুলি সদৰী কৰি ২০১৬ চনৰ পৰা অসমৰ ৰাইজৰ হৈ যিদৰে মাত মাতি আহিছে, তেনেদৰেই ৰাজ্যখনত বিজেপি চৰকাৰৰ নীতিৰ বিৰুদ্ধে বিৰোধিতা অব্যাহত ৰাখিব বুলিও শইকীয়াই দৃঢ়তাৰে প্ৰকাশ কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *