ক্ষমতালৈ কংগ্ৰেছ আহিলেই বিশ্বমানৰ পৰ্যটন ক্ষেত্ৰলৈ ৰূপান্তৰিত হ’ব প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ শেষ শয়ন ক্ষেত্ৰ। দেওবাৰে জুবিনক্ষেত্ৰত শ্ৰদ্ধাঞ্জলি জনাই এই প্ৰতিশ্ৰুতি প্ৰদান কৰে কৰ্ণাটকৰ উপ-মুখ্যমন্ত্ৰী তথা কংগ্ৰেছৰ জ্যেষ্ঠ নেতা ডি কে শিৱকুমাৰে। কংগ্ৰেছৰ এই তাৰকা প্ৰচাৰকগৰাকীয়ে জুবিনক্ষেত্ৰত উপস্থিত হৈ এফালে আৱেগিক পৰিৱেশৰ সৃষ্টি কৰাৰ বিপৰীতে আনফালে বিজেপি চৰকাৰৰ বিৰুদ্ধে তীব্ৰ নিৰ্বাচনী আক্ৰমণৰ পাতনি মেলে। সাংবাদিকৰ আগত তেওঁ কয়, “জুবিন গাৰ্গৰ প্ৰতি জনসাধাৰণৰ অপৰিসীম মৰম আৰু জুবিনক্ষেত্ৰত দেখা পোৱা এই জনসমুদ্ৰই মোক অভিভূত কৰিছে। অসমীয়া সংস্কৃতিৰ প্ৰতি শিল্পীগৰাকীৰ যি বিশাল অৱদান, সেয়া সঁচাকৈয়ে অতুলনীয়।” আজি জুবিনক্ষেত্ৰত যি জনসমাগম দেখিবলৈ পাইছোঁ, সেয়া হৃদয়স্পৰ্শী বুলিও তেওঁ মন্তব্য কৰে। জুবিনক্ষেত্ৰৰ সৰ্বাংগীণ উন্নয়নৰ শপত খাই তেওঁ লগতে কয়, “মই প্ৰতিশ্ৰুতি দিছো যেতিয়া কংগ্ৰেছ দল ক্ষমতালৈ আহিব, তেতিয়া জুবিনক্ষেত্ৰক এক বিশ্বমানৰ পৰ্যটনস্থলী হিচাপে গঢ়ি তোলা হ’ব। এই স্থান সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ লোকৰ বাবে এক বিশাল দৰ্শনীয় কেন্দ্ৰ হৈ পৰিব।” একেটা স্থানৰ পৰাই ৰাজ্য চৰকাৰক কঠোৰ ভাষাৰে সমালোচনা কৰি শিৱকুমাৰে কয়, “অসম চৰকাৰে ৰাইজৰ আস্থা আৰু নিজৰ বিশ্বাসযোগ্যতা হেৰুৱাইছে। ধন আৰু বাহুবলেৰে দিল্লীৰ সহায়ত তেওঁলোকে নিজৰ শক্তি প্ৰদৰ্শনৰ চেষ্টা কৰিছে।” বিজেপিয়ে আন দলৰ নেতাৰ সহায় ল’বলগীয়া হোৱাটোৱে তেওঁলোকৰ নিজৰ ওপৰত ভৰসা নাই বুলিও তেওঁ কটাক্ষ কৰে। গৃহমন্ত্ৰী অমিত শ্বাহৰ মন্তব্যৰ প্ৰত্যুত্তৰ দি তেওঁ কয়, “বিজেপি যদি জয়ক লৈ ইমানেই নিশ্চিত, তেন্তে তেওঁলোকক কংগ্ৰেছী নেতাৰ কিয় প্ৰয়োজন হৈছে? অনাগত দিনত অসমত ১০০ শতাংশই কংগ্ৰেছ মিত্ৰজোঁটৰ চৰকাৰ হ’ব।” Share this:FacebookX Related Post navigation অসমত শক্তিশালী হ’বলৈ আম আদমী পাৰ্টিৰ প্ৰচেষ্টা; তাৰকা প্ৰচাৰক হিচাপে অৰবিন্দ কেজৰীৱাল আৰু ভগৱন্ত মান