এগৰাকী ভাৰতীয় ব্যক্তিৰ মালিকানাধীন হৈছে ইংলেণ্ডৰ এক ক্ৰিকেট দল। কেৱল সিমানেই নহয়, দলটোৰ এতিয়া নাম সলনিৰ দিশেও আগবাঢ়িছে ভাৰতীয় স্বত্বাধিকাৰগৰাকী। ইংলেণ্ডৰ এই দলটো ক্ৰয় কৰিছে মুকেশ আম্বানীৰ ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজে।সমগ্ৰ ক্ৰিকেট বিশ্বত সাম্প্ৰতিক সময়ত বাণিজ্যিক দিশত আন দেশতকৈ বহুগুণে আগবাঢ়ি আছে ভাৰত। বিশ্বৰ আটাইতকৈ ধনাঢ্য আৰু জনপ্ৰিয় ক্ৰিকেট লীগ হিচাপে পৰিগণিত হৈ আহিছে ভাৰতৰে ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ, চমুকৈ আই পি এল। ক্ৰিকেটৰ বাণিজ্যিক দিশত ভাৰতৰ এই উত্থান ইংৰাজ ভূমিতো পৰিলক্ষিত হৈছে। এগৰাকী ভাৰতীয় ব্যক্তিৰ মালিকানাধীন হৈছে ইংলেণ্ডৰ এক ক্ৰিকেট দল।তথ্য অনুসৰি ৰিলায়েঞ্চে এই ইংৰাজ দলটোৰ ৪৯ শতাংশ অংশীদাৰিত্ব ৬ কোটি পাউণ্ড (প্ৰায় ৭০৮ কোটি টকা)ত ক্ৰয় কৰিছে। আৰু এতিয়া তেওঁলোকে ‘Oval Invincibles’ নাম সলনি কৰি MI London কৰিব বিচাৰিছে। ৰিলায়েঞ্চে দিয়া এই প্ৰস্তাৱ এতিয়াও অৱশ্যে চূড়ান্ত হোৱা নাই, এই বিষয়ত ৰিলায়েঞ্চ আৰু ছাৰেৰ মাজত আলোচনা চলি আছে বুলি প্ৰকাশ পাইছে। Share this:FacebookX Related Post navigation এবটে ভাৰতত মুকলি কৰিলে ডায়েবেটিছ ব্যৱস্থাপনাৰ শেহতীয়া উদ্ভাৱন ফ্ৰীষ্টাইল লিবাৰ ২ প্লাছ চেন্সৰ গ্ৰেপ্তাৰ কৰা হৈছে এগৰাকী প্ৰাক্তন ৰাষ্ট্ৰপতিক