ৰাজ্যত অব্যাহত আছে কুকুৰ চুৰি আৰু সৰবৰাহৰ ঘটনা। বিভিন্ন অঞ্চলৰ পৰা পোহনীয়া কুকুৰ চুৰি কৰি ৰাজ্যৰ বাহিৰলৈ সৰবৰাহ কৰি আহিছে একাংশ দুস্কৃতিকাৰীয়ে। এনে ঘটনাৰ মাজতে এইবাৰ নগাঁৱত আৰক্ষীৰ জালত পৰে চাৰিজনকৈ অভিযুক্ত সৰবৰাহকাৰী।

বুধবাৰে নিশা চলোৱা এক বিশেষ অভিযানত নগাঁও জিলাৰ পুৰণিগুদামৰ গৰমৌ এলেকাৰ পৰা লোককেইজনক আটক কৰে চামগুৰি আৰক্ষীয়ে। ধৃত অভিযুক্ত কেইজনক গণিৰাম ৰংহাং, ডৰছিং তেৰাং, চাৰহান টকবি আৰু বাবি ৰংহাং বুলি চিনাক্ত কৰা হৈছে।

আৰক্ষীয়ে জানিবলৈ দিয়া মতে, চামগুৰি, পুৰণিগুদাম আৰু আশে-পাশে থকা বিভিন্ন এলেকাৰ পৰা কুকুৰ চুৰি কৰি আহিছিল অভিযুক্তসকলে। ইয়াৰ পিছত সেই কুকুৰসমূহ অন্য ৰাজ্যলৈ সৰবৰাহৰ চেষ্টা চলাই আছিল বুলিও অভিযোগ উত্থাপন হৈছে।

অভিযানকালত কুকুৰ সৰবৰাহৰ বাবে ব্যৱহাৰ কৰা বুলি সন্দেহ কৰা এখন বিলাসী বাহন জব্দ কৰে আৰক্ষীয়ে। তদুপৰি, চুৰি আৰু সৰবৰাহ কাৰ্যৰ সৈতে জড়িত বুলি সন্দেহ কৰা কেইবাটাও সামগ্ৰীও উদ্ধাৰ হয়।

ইফালে, গ্ৰেপ্তাৰ হোৱা চাৰিজনক আদালতত হাজিৰ কৰোৱাৰ পাছত ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হয়। ঘটনাটোৰ আঁৰত কোনো বৃহত্তৰ সৰবৰাহ চক্ৰ সক্ৰিয় হৈ আছে নেকি অথবা আন কোনো লোক জড়িত আছে নেকি, সেই দিশত তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে।

উল্লেখ্য যে, শেহতীয়া সময়ত ৰাজ্যৰ বিভিন্ন প্ৰান্তত পোহনীয়া কুকুৰ নি বহিঃৰাজ্যলৈ সৰবৰাহৰ অভিযোগ উত্থাপিত হৈ আহিছে। নগাঁৱৰ এই ঘটনাৰ সৈতে তেনে আন ঘটনাৰ কোনো সংযোগ আছে নেকি, সেই বিষয়েও তদন্ত চলাই আছে আৰক্ষীয়ে।

Leave a Reply

Your email address will not be published. Required fields are marked *