গেৰুৱা শিবিৰ ত্যাগ কৰি অৱশেষত কংগ্ৰেছৰ প্ৰাৰ্থীৰূপে হাফলং সমষ্টিৰ পৰা মনোনয়ন পত্ৰ দাখিল কৰিলে প্ৰাক্তন মন্ত্ৰী নন্দিতা গাৰ্লোচাই। বিজেপিৰ পৰা টিকট লাভ নকৰি সোমবাৰে মনোনয়ন দাখিলৰ অন্তিম দিনটোত হাতৰ টিকটত নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হয় এই শক্তিশালী নেত্ৰীগৰাকী। যোৱা ২২ মাৰ্চৰ নিশা হঠাতে বিজেপিক বিদায় জনাই কংগ্ৰেছত যোগদান কৰা গাৰ্লোচাৰ এই পদক্ষেপে এতিয়া জিলাখনৰ ৰাজনীতিত তীব্ৰ জোকাৰণিৰ সৃষ্টি কৰিছে।

এই আকস্মিক দলত্যাগে ডিমা হাচাও জিলা বিজেপিৰ ভিতৰচ’ৰাত এতিয়া এক অস্বস্তিকৰ পৰিৱেশৰ সূচনা কৰিছে। দলীয় সূত্ৰৰ মতে, গাৰ্লোচাৰ এই সিদ্ধান্তই বিজেপিৰ নেতা-কৰ্মীসকলৰ মাজত স্পষ্ট বিভাজন আনি দিছে। বিশেষকৈ বিজেপিৰ দুৰ্গ হিচাপে পৰিচিত হাফলঙত গাৰ্লোচাই বিৰোধীৰ হাত ধৰাৰ পাছত নিৰ্বাচনী সমীকৰণ যথেষ্ট সলনি হোৱাৰ সম্ভাৱনা আছে। বৰ্তমান জিলাখনৰ ৰাজনৈতিক মহলত এইগৰাকী নেত্ৰীৰ ভৱিষ্যতক লৈ চৰ্চা অব্যাহত আছে।

Leave a Reply

Your email address will not be published. Required fields are marked *