আন্তৰ্জাতিক নাৰী দিৱস উপলক্ষে গুৱাহাটীৰ আদাবাৰীস্থিত অটল উদ্যানে ‘কলাসমন্বয়’-ৰ উদ্যোগত অনুষ্ঠিত এক অনুষ্ঠানত আলোচনা, গীত, কবিতা আৰু নৃত্যৰ মাজেৰে নাৰীত্বৰ প্ৰতি সন্মান আৰু বসন্তৰ আগমনৰ আহ্বান ধ্বনিত হয়। অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত চিকিৎসক সাধন দাসে কয় যে বসন্তে নতুন জীৱনৰ বাৰ্তা কঢ়িয়াই আনে। ভাৰতৰ ছয় ঋতুৱে মানুহক জীৱনৰ ক্ষণস্থায়িত্বৰ কথা স্মৰণ কৰায়। চিকিৎসক হিচাপে অভিজ্ঞতাৰ ভিত্তিত তেওঁ কয় যে মানুহৰ জীৱনত প্ৰকৃততে সময় অতি সীমিত—হিচাপ কৰি চালে যেন মাত্ৰ ৬০০ ঘণ্টাৰ দৰে সময়েই আমাৰ হাতত থাকে। সেয়ে বিবাদ বা বিদ্বেষত সময় নষ্ট নকৰি জীৱনৰ এই সময়খিনি সম্ভৱ হ’লে আনন্দৰে আৰু অৰ্থপূর্ণভাৱে কটোৱা উচিত।

স্ত্ৰী আৰু শিশু ৰোগ বিশেষজ্ঞ ডা. ৰীতা ভুঁইয়াই সমাজত বৰ্ধিত লিংগ বৈষম্যৰ বিষয়ে উদ্বেগ প্ৰকাশ কৰি কয় যে শিক্ষা আৰু আধুনিকতাৰ উন্নতিৰ কথা কোৱা হ’লেও বাস্তৱত বৈষম্য কমা নাই, বৰং বহু ক্ষেত্ৰত বৃদ্ধি পাইছে। তেওঁ কয় যে বহু সময়ত প্ৰসূতি কক্ষৰ বাহিৰত পৰিয়ালৰ প্ৰতিক্ৰিয়া শুনিলেই বুজা যায় যে সন্তানটো পুত্ৰ নে কন্যা। এতিয়া অসমীয়া আৰু বাঙালী পৰিয়ালতো আগতেই জানিবলৈ বিচাৰে যে গৰ্ভত পুত্ৰ নে কন্যা আছে। কেতিয়াবা কন্যা সন্তান হ’ব বুলি জানিলেই গৰ্ভপাতৰ কথাও কোৱা হয়, যি এক অত্যন্ত চিন্তাজনক বিষয়।

সাহিত্যিক মণিকুন্তলা ভট্টাচাৰ্যই কয় যে বহু বছৰ ধৰি নাৰী দিৱসত বক্তৃতা আৰু আলোচনা চলি থাকিলেও সমাজত প্ৰত্যাশিত পৰিবর্তন এতিয়াও দেখা নাযায়। তেওঁ লেখক মেক্সিম গোৰ্কিৰ উক্তি স্মৰণ কৰি কয় যে ঘৰত এজন উপযুক্ত মাতৃ থাকিলে দেশ সুস্থ চিন্তাৰ নাগৰিক লাভ কৰে। কিন্তু বাস্তৱ অভিজ্ঞতাত দেখা যায় যে সমমৰ্যাদাৰ কথা কোৱা হ’লেও পৰিয়ালৰ ভিতৰতে নীৰৱ বৈষম্য বহি থাকে। সেয়ে তেওঁ কন্যাসকলৰ বাবে আত্মৰক্ষাৰ উদ্দেশ্যে মাৰ্শাল আৰ্ট শিক্ষা বাধ্যতামূলক কৰাৰ প্ৰস্তাৱ আগবঢ়ায়।

তেওঁ আৰু কয় যে সংগীতশিল্পী জুবিন গৰ্গৰ পত্নী গৰিমাই এবাৰ তেওঁক ফোন কৰি স্বামীহীনতাৰ আঘাত কেনেদৰে সহ্য কৰিছে সেয়া জানিবলৈ বিচাৰিছিল। তেওঁ কয় যে আজিৰ দিনত তেওঁ বা গৰিমাই যিদৰে নানা বাধা অতিক্ৰম কৰি আগবাঢ়িছে, তেনেদৰে সকলো নাৰীয়ে সাহসেৰে নিজৰ পথ আগুৱাই নিব লাগিব। নিজৰ ভৰিত থিয় হ’ব লাগিব আৰু সমাজৰ অন্ধবিশ্বাস দূৰ কৰিবলৈ ৰামমোহন ৰায় আৰু বিদ্যাসাগৰৰ দৰে সমাজ সংস্কাৰকৰ প্ৰয়োজন আছে।

গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপিকা সুদেষ্ণা ভট্টাচাৰ্যই মৈত্রেয়ী আৰু যাজ্ঞবল্ক্যৰ উদাহৰণ উল্লেখ কৰি কয় যে প্ৰাচীন ভাৰতত নাৰী আৰু পুৰুষে একেলগে বিদ্যাচৰ্চা কৰিছিল। তেন্তে আধুনিক বুলি কোৱা সমাজত লিংগ বৈষম্য কেনেকৈ জন্ম ল’লে—পৰ্দা প্ৰথা, কন্যা হত্যা, শিক্ষাৰ বাধা বা সতীদাহৰ দৰে কু-প্ৰথাৰ ইতিহাস জানিব লাগিব।
তেওঁ লগতে কয় যে নেতিবাচক পৰিৱেশৰ মাজতো বহু কন্যাই নিজৰ ঠাইতেই থাকি আগবাঢ়িবলৈ বিচাৰে, যাৰ বাবে তেওঁ এজন মাতৃ হিচাপে গৌৰৱ অনুভৱ কৰে।

মণিকুন্তলা ভট্টাচাৰ্যই আৰু কয় যে ঘৰুৱা সহায়িকা বা দিনমজুৰ হিচাপে কাম কৰা বহু মহিলাই সহজে মোবাইল ব্যৱহাৰ কৰিব পাৰে, কিন্তু বহুতে নিজৰ নাম লিখিব নাজানে। সেয়ে তেওঁলোকক অন্তত স্বাক্ষৰ কৰা আৰু প্ৰাথমিক শিক্ষাৰ সুযোগ দিয়াটো সমাজৰ দায়িত্ব।


সুদেষ্ণাই ‘দম্পতি’ শব্দৰ ব্যাখ্যা কৰি কয় যে ‘দম’ মানে গৃহ—অৰ্থাৎ দুয়ো গৃহৰ অধিপতি। সেয়ে দাম্পত্য জীৱন পৰস্পৰ পৰিপূৰক হ’ব লাগে। মতভেদ থাকিলেও সেয়া তিক্ততাৰ পৰ্যায়লৈ যাব নালাগে। এইক্ষেত্ৰত ডা. ৰীতা ভুঁইয়াই দুয়োপক্ষই নিজৰ অহং ত্যাগ কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।


অনুষ্ঠানৰ দ্বিতীয় পৰ্বত ‘ফাগুনৰ মোহনায়’ শীৰ্ষক সাংস্কৃতিক সন্ধ্যাত লোকছন্দৰ মাজেৰে বসন্তৰ আহ্বান জনোৱা হয়। তাৰ পিছত ‘কথামানবী’ অনুষ্ঠানত গীত আৰু কবিতাৰ মাধ্যমেৰে বসন্ত আৰু নাৰীত্বৰ উদযাপন কৰা হয়।
সাংস্কৃতিক পৰিৱেশনাৰ ভিতৰত আছিল ‘নজৰুলৰ সুৰে ৰঙা বসন্ত’, নৃত্যনাট্য ‘নৱ বসন্তৰ দানৰ ডালি’, আৰু ‘নৃত্যাৰ্পণ’-ৰ কথক নৃত্য। ‘বসন্ত জাগ্ৰত দ্বাৰে’ শীৰ্ষক গীতত ৰবীন্দ্ৰনাথ ঠাকুৰৰ চিৰন্তন দৰ্শন প্ৰতিফলিত কৰা হয়। ‘নাৰী আৰু বসন্ত’ অনুষ্ঠানত শাস্ত্ৰীয় সংগীতত নাৰীত্ব আৰু বসন্তৰ সুৰেলা মিলন দেখা যায়। শেষ পৰ্বত ভাৰতীয় শাস্ত্ৰীয় সংগীতত হোলিৰ উচ্ছ্বাসক লৈ বিশেষ পৰিৱেশনা ‘আয়োৰি বসন্ত’ দৰ্শকক মুগ্ধ কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *