মানুহ আৰু বান্দৰৰ মাজত ক্ৰমান্বয়ে বৃদ্ধি পোৱা সংঘাত হ্ৰাস কৰিবলৈ মহাৰাষ্ট্ৰ চৰকাৰে আৰম্ভ কৰিছে এক বিশেষ অভিযান। লোকালয়ত প্ৰৱেশ কৰা বান্দৰসমূহক সুৰক্ষিতভাৱে ধৰি পুনৰ বনাঞ্চলত মুকলি কৰি দিলে প্ৰতিটো বান্দৰৰ বিপৰীতে ৬০০ টকাকৈ পাৰিতোষিক প্ৰদান কৰিব চৰকাৰে। ৰাজ্যখনৰ ৰাজহ আৰু বন বিভাগে ২২ এপ্ৰিলত জাৰি কৰা এক চৰকাৰী নিৰ্দেশনাযোগে এই নতুন নিয়মৰ কথা ঘোষণা কৰে। প্ৰণিধানযোগ্য যে বনভূমি সংকুচিত হোৱাৰ ফলত শেহতীয়াকৈ ৰেচাচ মেকাক আৰু হনুমান লেংগুৰৰ দৰে বান্দৰে খাদ্যৰ সন্ধানত জনবসতিপূৰ্ণ অঞ্চলত সন্ত্ৰাসৰ সৃষ্টি কৰিছে। ইয়াৰ ফলত শস্যৰ ক্ষতি হোৱাৰ লগতে সা-সম্পত্তি আৰু মানুহৰ নিৰাপত্তাও বিঘ্নিত হৈছে। বান্দৰ ধৰাৰ ক্ষেত্ৰত থকা বিপদ আৰু ইয়াৰ প্ৰক্ৰিয়াটোৰ জটিলতালৈ লক্ষ্য ৰাখি জনপ্ৰতিনিধিসকলে চৰকাৰৰ ওচৰত ইয়াৰ পাৰিতোষিকৰ নিৰিখ সংশোধন কৰিবলৈ দাবী জনাই আহিছিল। এই সমগ্ৰ প্ৰক্ৰিয়াটোত বনজন্তু সুৰক্ষাৰ নীতি-নিয়ম কঠোৰভাৱে পালন কৰাৰ নিৰ্দেশ দিছে চৰকাৰে। বান্দৰ ধৰিবলৈ কেৱল জাল বা পিঞ্জৰাহে ব্যৱহাৰ কৰিব পাৰিব আৰু প্ৰতিটো অভিযানৰ আলোকচিত্ৰ প্ৰমাণ হিচাপে জমা দিব লাগিব। ধৰা পেলোৱা বান্দৰসমূহক লোকালয়ৰ পৰা কমেও ১০ কিলোমিটাৰ দূৰৰ বনাঞ্চলত এৰি দিয়াটো বাধ্যতামূলক কৰা হৈছে। বন্যপ্ৰাণী সংৰক্ষণ আৰু জনসাধাৰণৰ নিৰাপত্তাৰ মাজত ভাৰসাম্য ৰক্ষা কৰিবলৈকে এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে মহাৰাষ্ট্ৰ চৰকাৰে। Share this:FacebookX Related Post navigation মুম্বাইত খাদ্যত বিষক্ৰিয়াৰ কালৰূপ; বিৰিয়ানী আৰু তৰমুজ খোৱাৰ পাছতে মৃত্যু একে পৰিয়ালৰ ৪ সদস্যৰ কাংপোকপিত টায়াৰৰ কাৰখানা জ্বলাই দিয়াৰ চেষ্টা; মণিপুৰ আৰক্ষীৰ জালত তিনি দুৰ্বৃত্ত