আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে ইংগিত দিছে যে প্ৰযুক্তি প্ৰতিষ্ঠান মাইক্ৰছফ্টে টিক টকৰ আমেৰিকাৰ ব্যৱসায় ক্ৰয় কৰিব পাৰে। ট্ৰাম্পে কৈছে যে তেওঁ টিক টক ক্ৰয় কৰিবলৈ নিবিদাৰ প্ৰতিযোগিতা চাবলৈ অধিক উৎসুক। যেতিয়া ট্ৰাম্পক সাংবাদিকে প্ৰশ্ন কৰিছিল যে মাইক্ৰছফ্টে আমেৰিকা যুক্তৰাষ্ট্ৰত টিক টক ক্ৰয় কৰিবলৈ আলোচনা কৰি আছে নেকি ? তাৰ উত্তৰত ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে কৈছিল যে মই ক’ম হয়, টিক টকৰ প্ৰতি যথেষ্ট আগ্ৰহ আছে। যোৱা সপ্তাহত, ট্ৰাম্পে টিকটক ৭৫ দিনৰ সময়সীমাৰ বাবে এক কাৰ্যবাহী আদেশত স্বাক্ষৰ কৰিছিল। ইয়াত কোৱা হৈছে যে এই সময়ছোৱাত তেওঁলোকে আমেৰিকান কোম্পানীক বিক্ৰী কৰিব লাগিব। যদি এনে নহয় তেন্তে ইয়াক নিষিদ্ধ কৰা হ’ব। Share this:FacebookX Related Post navigation পুনৰ আৰম্ভ হ’ব কৈলাশ মানসৰোবৰ যাত্ৰা চিকিৎসা মহাবিদ্যালয়ৰ স্নাতকোত্তৰত নাথাকিব বাসস্থানৰ আধাৰত সংৰক্ষণৰ সুবিধা