প’ষ্ট মেলনৰ অনুষ্ঠানত সঁচাকৈয়ে হাৰাশাস্তিৰ সন্মুখীন হৈছিল নেকি বিদেশী মহিলা ? এই ক্ষেত্ৰত কি ব্যৱস্থা লৈছে আৰক্ষীয়ে ?আৰক্ষী আয়ুক্তৰ কাৰ্যালয়ত যুটীয়া আৰক্ষী আয়ুক্ত অংকুৰ জৈনে সংবাদমেল সম্বোধন কৰি কয়, “আমি আজি ইনষ্টাগ্ৰামত এটা ৰিল দেখা পাওঁ । য’ত এগৰাকী মহিলাই প’ষ্ট মেলনৰ কনচাৰ্টৰ সময়ত তেওঁৰ লগত হাৰাশাস্তি হোৱা বুলি অভিযোগ কৰিছে । এই বিষয়টো সন্দৰ্ভত আমি কিছু কথা স্পষ্ট কৰি দিব বিচাৰিছোঁ । প’ষ্ট মেলনৰ কনচাৰ্টৰ দিনা আমাৰ যথেষ্ট সংখ্যক আৰক্ষী নিয়োজিত হৈ আছিল । লগতে বুক মাই শ্ব’ লাইভৰ ছিকিউৰিটী আছিল । যেতিয়া আমি গোটেই বিষয়টো পৰ্যবেক্ষণ কৰিলোঁ, তেতিয়া দেখিলো সেইদিনা আমাৰ আৰক্ষীয়ে কোনো অভিযোগ পোৱা নাই । বুক মাই শ্ব’ৰ লগত কথা পাতোতে তেওঁলোকেও কোনো অভিযোগ পোৱা নাই বুলি জনাইছে । আমি গোটেই অনুষ্ঠানটো সুন্দৰকৈ পৰিকল্পনা কৰিছিলোঁ । ক’ৰবাত কিবা অভিযোগ তথা অসুবিধা হ’লে লগে লগে ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে উদ্যোগ লোৱা হৈছিল । যথেষ্ট প্লেনিং কৰা হৈছিল আৰু যাৰ বাবে আমি কোনো অভিযোগ পোৱা নাছিলো ।”আমি ক’ব বিচাৰো যে কিবা থাকিলে আমাৰ লগত যোগাযোগ কৰক । মোৰ লগত প্ৰত্যক্ষভাৱে যোগাযোগ কৰিব পাৰিব । মহিলাৰ সুৰক্ষাৰ বাবে অসম আৰক্ষী সদায় তৎপৰ ।”

Leave a Reply

Your email address will not be published. Required fields are marked *