ভাঙি পৰিল ব্ৰাজিলৰ ৰিঅ’ গ্ৰেণ্ড ড’ চুলৰ মহানগৰ অঞ্চলৰ গুৱাইবা চহৰত থকা ‘ষ্টেচ্যু অফ লিবাৰ্টি’ৰ ২৪ মিটাৰ ওখ প্ৰতিকৃতি। সোমবাৰে প্ৰবল ধুমুহাৰ বাবে এখন মেগাষ্টোৰৰ বাহিৰত এই ঘটনাটো সংঘটিত হয়। সৌভাগ্যক্ৰমে, এই ঘটনাত কোনো লোক আহত হোৱা নাই।

এই প্ৰতিকৃতিটো হাভান ৰিটেইল ষ্টোৰৰ বাহিৰৰ গাড়ী পাৰ্কিং এলেকাত স্থাপন কৰা হৈছিল। এই ঘটনাটোৰ ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেল হৈছে। সেই ভিডিঅ’ত দেখা গৈছে যে প্ৰবল ধুমুহাৰ বাবে মূৰ্তিটো হেলনীয়া হৈ ভাঙি পৰিছে। মূৰ্তিটো ভাঙি পৰাৰ সময়ত তাত কেইবাখনো গাড়ী পাৰ্কিং কৰা হৈছিল। ‘এক্স’ত এজন ব্যৱহাৰকাৰীয়ে ভিডিঅ’টো শ্বেয়াৰ কৰি কয়, “ইফালে ব্ৰাজিলত… প্ৰবল বতাহে ষ্টেচু অৱ লিবাৰ্টিৰ এই প্ৰতিকৃতিটো ওফৰাই পেলালে।”

হাভান ৰিটেইল ষ্টোৰে এক বিবৃতিত কয় যে প্ৰতিকৃতিটো দেশৰ কাৰিকৰী মানদণ্ডৰ ওপৰত ভিত্তি কৰি নিৰ্মাণ কৰা হৈছিল। তেওঁলোকে এক আভ্যন্তৰীণ তদন্ত চলাইছে। তেওঁলোকে আঙুলিয়াই দিয়ে যে তাৎক্ষণিক ব্যৱস্থা লোৱাৰ বাবে কোনো লোকৰ হতাহতি হোৱা নাই। বিবৃতিত কোৱা হৈছে, সুৰক্ষা প্ৰট’কল অনুসৰণ কৰি কোম্পানীটোৱে যাৱতীয় সকলো ব্যৱস্থা গ্ৰহণ কৰিছিল। প্ৰতিকৃতিটো ভাঙি পৰাৰ সঠিক কাৰণ নিৰ্ণয় কৰিবলৈ আৰু প্ৰচণ্ড বতৰৰ বাহিৰেও আন কিবা কাৰক আছিল নেকি সেয়া জানিবলৈ এক কাৰিকৰী পৰিদৰ্শন কৰা হ’ব।

ব্ৰাজিলৰ বিষয়াসকলেও এই ঘটনাৰ ওপৰত তদন্ত কৰিব বুলি কয়। গুৱাইবাৰ মেয়ৰ মাৰ্চেলো মাৰানাতাই স্থানীয় কৰ্তৃপক্ষৰ তাৎক্ষণিক সঁহাৰিৰ বাবে প্ৰশংসা কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *