পশ্চিমবংগত বিজেপিৰ এই ঐতিহাসিক বিজয় ভাৰতীয় জনসংঘৰ প্ৰতিষ্ঠাপক ড° শ্যামা প্ৰসাদ মুখাৰ্জীৰ প্ৰতি এক প্ৰকৃত শ্ৰদ্ধাঞ্জলি। বংগৰ নিৰ্বাচনত বিজেপিৰ এই অভূতপূৰ্ব জয়ক লৈ শনিবাৰে নাগপুৰত সংবাদ মাধ্যমৰ আগত এইদৰে মন্তব্য কৰে কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীয়ে। ৰাজ্যখনৰ জনসাধাৰণৰ মাজত এতিয়া বিজেপিৰ মতাদৰ্শই সম্পূৰ্ণ স্বীকৃতি লাভ কৰিছে আৰু এই ক্ষমতাৰ পৰিৱৰ্তনে উন্নয়ণৰ এক নতুন পথ প্ৰশস্ত কৰিব বুলিও মন্ত্ৰীগৰাকীয়ে দাবী কৰে।

কলকাতাত অনুষ্ঠিত হ’বলগীয়া শুভেন্দু অধিকাৰীৰ শপত গ্ৰহণ অনুষ্ঠানত অংশ ল’বলৈ ৰাওনা হোৱাৰ পূৰ্বে গাডকাৰীয়ে দলীয় কৰ্মীসকলৰ উৎসাহৰ কথা উল্লেখ কৰে। তেওঁ কয়, “মুখাৰ্জীয়ে অতি প্ৰতিকূল পৰিস্থিতিৰ মাজত জনসংঘ প্ৰতিষ্ঠা কৰিছিল আৰু আজি বংগৰ মাটিত সেই মতাদৰ্শই জয়লাভ কৰাটো এক ডাঙৰ প্ৰাপ্তি।” ৰাজ্যখনৰ জনসাধাৰণে অনা এই ক্ষমতাৰ পৰিৱৰ্তনে ভৱিষ্যতে ৰাজ্যখনৰ বিকাশত যথেষ্ট সহায় কৰিব বুলিও কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে আশা প্ৰকাশ কৰে।

২৯৪ জনীয়া পশ্চিমবংগ বিধানসভাত ২০৭ খন আসন লাভ কৰি বিজেপিয়ে এতিয়া এক শক্তিশালী চৰকাৰ গঠন কৰিছে। এই ফলাফলে ৰাজ্যখনত তৃণমূল কংগ্ৰেছৰ ১৫ বছৰীয়া শাসনৰ অন্ত পেলাইছে। ইয়াৰ পূৰ্বে ২০১১ চনলৈকে বাওঁ মৰ্চাই ক্ৰমাগতভাৱে ৩৪ বছৰ ধৰি বংগ শাসন কৰিছিল। ভৱানীপুৰ সমষ্টিত মমতা বেনাৰ্জীক পৰাস্ত কৰা শুভেন্দু অধিকাৰীয়ে শনিবাৰে ৰাজ্যখনৰ প্ৰথমগৰাকী বিজেপি মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰি এক নতুন ৰাজনৈতিক ইতিহাসৰ সূচনা কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *