বিহাৰত প্ৰথমবাৰৰ বাবে গঠিত হোৱা বিজেপি নেতৃত্বাধীন চৰকাৰৰ কেবিনেট আজি আনুষ্ঠানিকভাৱে সম্প্ৰসাৰণ কৰা হয়। বৃহস্পতিবাৰে অনুষ্ঠিত হোৱা এক ভব্য অনুষ্ঠানত জে ডি ইউৰ মুৰব্বী নীতিশ কুমাৰৰ পুত্ৰ নিশান্ত কুমাৰৰ লগতে আন ৩১ গৰাকী নেতাই মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ উপস্থিতিত ৰাজ্যপাল লেফটেনেণ্ট জেনেৰেল (অৱসৰপ্ৰাপ্ত) চৈয়দ আতা হাছনাইনে নতুন মন্ত্ৰীসকলক পদ আৰু গোপনীয়তাৰ শপত বাক্য পাঠ কৰোৱায়।

গান্ধী ময়দানত আয়োজিত এই শপত গ্ৰহণ সমাৰোহত এন ডি এৰ পাঁচোটা মিত্ৰদলৰ মুঠ ৩২ গৰাকী নেতাক মন্ত্ৰীসভাৰ সদস্য হিচাপে অন্তৰ্ভুক্ত কৰা হয়। বিহাৰ বিধানসভাৰ একক সংখ্যাগৰিষ্ঠ দল বিজেপিয়ে এই কেবিনেট সম্প্ৰসাৰণত সৰ্বাধিক ১৫ টা মন্ত্ৰী পদ লাভ কৰিছে। আনহাতে যোৱ মাহত মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰি ৰাজ্যসভালৈ যোৱা নীতীশ কুমাৰৰ পুত্ৰ নিশান্ত কুমাৰৰ অন্তৰ্ভুক্তিয়ে এতিয়া ৰাজ্যখনৰ ৰাজনীতিত বিশেষ চৰ্চা লাভ কৰিছে। জে ডি ইউৰ পৰাও ১৫ গৰাকী সদস্যই কেবিনেটত স্থান লাভ কৰিছে, যাৰ ভিতৰত ১৩ গৰাকীয়ে আজি শপত গ্ৰহণ কৰে।

মিত্ৰজোঁটৰ আন সহযোগী দলসমূহৰ ভিতৰত কেন্দ্ৰীয় মন্ত্ৰী চিৰাগ পাছোৱানৰ লোক জনশক্তি পাৰ্টি (ৰামবিলাস)ৰ সঞ্জয় কুমাৰ সিং আৰু সঞ্জয় কুমাৰ পাছোৱানক পুনৰ মন্ত্ৰীসভাৰ দায়িত্ব দিয়া হৈছে। একেদৰে হিন্দুস্তানী আৱাম মৰ্চাৰ জীতন ৰাম মাঝীৰ পুত্ৰ সন্তোষ কুমাৰ সুমন আৰু ৰাষ্ট্ৰীয় লোক মৰ্চাৰ উপেন্দ্ৰ কুশৱাহাৰ পুত্ৰ দীপক প্ৰকাশেও নতুন কেবিনেটত স্থান লাভ কৰে। কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং, স্বাস্থ্য মন্ত্ৰী জে পি নাড্ডা আৰু বিজেপিৰ ৰাজ্যিক সভাপতি নীতিন নবীনৰ উপস্থিতিত সম্পন্ন হোৱা এই অনুষ্ঠানটোৱে বিহাৰত বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটৰ স্থিতি অধিক শক্তিশালী কৰি তুলিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *