নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে গৰম হৈ পৰিছে নগাঁৱৰ ৰাজনৈতিক বতাহ। নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ প্ৰচাৰ তুংগত উঠাৰ সমান্তৰালভাৱে ৰাজনৈতিক দলসমূহৰ মাজত আৰম্ভ হৈছে আক্ৰমণ-প্ৰত্যাক্ৰমণ আৰু উত্তপ্ত পৰিস্থিতি। লাহৰীঘাটৰ বৰবৰীত অনুষ্ঠিত এক নিৰ্বাচনী প্ৰচাৰ সভাত অংশ লৈ এআইইউডিএফৰ মুৰব্বী বদৰুদ্দিন আজমলে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা, মন্ত্ৰী পীযুষ হাজৰীকা আৰু বিজেপি প্ৰাৰ্থী দেৱাশীষ শৰ্মাক লক্ষ্য কৰি একাধিক বিতৰ্কিত আৰু বিস্ফোৰক মন্তব্য কৰে। আনফালে, ৰূপহীহাটত কংগ্ৰেছৰ নিৰ্বাচনী সমদলক ক’লা পতাকা প্ৰদৰ্শন কৰি একাংশ লোকে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰাত পৰিস্থিতি উত্তপ্ত হৈ পৰে। লাহৰীঘাটৰ সভাত ভাষণ দি এআইইউডিএফৰ সভাপতি বদৰুদ্দিন আজমলে মুখ্যমন্ত্ৰীক চৰম সকীয়নি দি কয়, “হিমন্ত বিশ্ব শৰ্মাৰ চকু কাঢ়ি আনিম, যাতে তেওঁ মিঞা মানুহক দেখা নাপায়।” ইয়াৰ লগতে মুখ্যমন্ত্ৰী আৰু মন্ত্ৰী পীযুষ হাজৰীকাই ভৱিষ্যতে ‘বাংলাদেশলৈ যাব লাগিব’ বুলিও আজমলে দাবী কৰে। নগাঁৱৰ বিজেপি প্ৰাৰ্থী দেৱাশীষ শৰ্মাক আক্ৰমণ কৰি তেওঁ কয় যে চাৰি মাহৰ ভিতৰতে দেৱাশীষ শৰ্মাক কাৰাগাৰলৈ পঠোৱা হ’ব আৰু তেওঁক কেৱল তেতিয়াহে ক্ষমা কৰা হ’ব যদিহে তেওঁ ‘কলমা’ পাঠ কৰে। সমাৱেশত নিজৰ প্ৰভাৱ দাবী কৰি আজমলে হুংকাৰ দিয়ে, “এই ডাক্তৰ, সেই ডাক্তৰ একো নহয়- আজমলেই হৈছে আচল ফেক্টৰ।” ইয়াৰ উপৰিও ইলিয়াছ আনছাৰীৰ প্ৰসংগ উত্থাপন কৰি আজমলে কয় যে তেওঁক পঢ়ুৱাই ৰাজনীতিলৈ আনিবলৈ ৫০ লাখ টকা খৰচ কৰিছে আৰু আগন্তুক নিৰ্বাচনত তেওঁক এআইইউডিএফৰ টিকট প্ৰদান কৰা হ’ব। ইফালে, নগাঁৱৰ ৰূপহীহাটত কংগ্ৰেছৰ প্ৰচাৰ অভিযানৰ সময়তো সৃষ্টি হয় চৰম উত্তেজনাৰ। ৰূপহীহাটৰ হাতীপাৰাত কংগ্ৰেছৰ নিৰ্বাচনী শোভাযাত্ৰা উপস্থিত হোৱাৰ লগে লগে একাংশ স্থানীয় লোকে সমদলটোক বাধা প্ৰদান কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰতিবাদকাৰীসকলে কংগ্ৰেছ নেতাসকলৰ সন্মুখতে ক’লা পতাকা প্ৰদৰ্শন কৰাৰ লগতে “কংগ্ৰেছ গ’ বেক”, “গৌৰৱ গগৈ গ’ বেক”, “ৰকিবুল হুছেইন গ’ বেক”, “ৱাজেদ আলী চৌধুৰী গ’ বেক”, “ৰিপুন বৰা গ’ বেক”, “নুৰুল হুদা গ’ বেক” আৰু “শিৱামণি বৰা গ’ বেক” ধ্বনিৰে আকাশ-বতাহ কঁপাই তোলে। উপ-নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে আজমলৰ এনে সাম্প্ৰদায়িক মন্তব্য আৰু কংগ্ৰেছৰ প্ৰচাৰত ক’লা পতাকা প্ৰদৰ্শনৰ ঘটনাই নগাঁৱৰ নিৰ্বাচনী যুঁজখন অধিক উত্তেজনাপূৰ্ণ কৰি তুলিছে। Share this:FacebookX Related Post navigation কৰ্ণাটকত খৰাং পৰিস্থিতিৰ ভয়াৱহ ৰূপ; প্ৰধানমন্ত্ৰীলৈ পত্ৰ লিখি তাৎক্ষণিক সাহায্যৰ দাবী মল্লিকাৰ্জুন খাৰ্গেৰ দেশী-বিদেশী পৰ্যটকৰ বাবে আনুষ্ঠানিকভাৱে পুনৰ মুকলি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান; আজিৰ পৰা আৰম্ভ জীপ ছাফাৰী