Author: Paromita

কংগ্ৰেছৰ পৰিৱৰ্তন যাত্ৰাত শোনিতপুৰত উত্তপ্ত পৰিস্থিতি; বিজেপিৰ প্ৰতিবাদৰ সন্মুখত থমকি ৰ’ল গৌৰৱ গগৈৰ কনভয়

আগন্তুক ৰাজনৈতিক সমীকৰণৰ মাজতে কংগ্ৰেছৰ ৰাজ্যিক পৰ্যায়ৰ কাৰ্যসূচীয়ে আজি গ্ৰহণ কৰে এক ভয়াৱহ ৰূপ। অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ উদ্যোগত আয়োজিত ‘সময় পৰিৱৰ্তন যাত্ৰা’ই শোণিতপুৰ জিলাৰ বৰছলা সমষ্টিৰ বৰডুবিয়াত বিজেপিৰ তীব্ৰ…

ডিজিটেল জালিয়াতিৰ বলি হোৱা গ্ৰাহকক ৰিজাৰ্ভ বেংকে প্ৰদান কৰিব ক্ষতিপূৰণ

ডিজিটেল লেনদেনত প্ৰতাৰণাৰ বলি হোৱা বেংক গ্ৰাহকসকলৰ বাবে আজি ভাৰতীয় ৰিজাৰ্ভ বেংকে এক গুৰুত্বপূৰ্ণ ঘোষণা কৰিছে। ৰিজাৰ্ভ বেংকৰ গভৰ্ণৰ সঞ্জয় মালহোত্ৰাই সংবাদমেল যোগে জানিবলৈ দিয়ে যে এতিয়াৰে পৰা যিকোনো ফ্ৰড…

মস্কোত পুনৰ হাই-প্ৰফাইল আক্ৰমণঃ দুৰ্বৃত্তৰ গুলীত আহত ৰাছিয়াৰ সামৰিক চোৰাংচোৱা উপ-মুৰব্বী

ইউক্ৰেইনৰ সৈতে চলি থকা যুদ্ধৰ মাজতে ৰাছিয়াৰ সামৰিক চোৰাংচোৱা সংস্থাৰ এজন উপ-মুৰব্বীৰ ওপৰত আজি মস্কোত সংঘটিত হয় আক্ৰমণৰ ঘটনা। চোৰাংচোৱা সংস্থাৰ প্ৰথম উপ-প্ৰধান লেফটেনেণ্ট জেনেৰেল ভ্লাদিমিৰ আলেকচিভক উত্তৰ-পশ্চিম মস্কোৰ এটা…

মুখ্যমন্ত্ৰীৰ মন্তব্যৰ বিৰুদ্ধে সষ্টম বিশিষ্ট নাগৰিকঃ উচ্চ ন্যায়ালয়ৰ হস্তক্ষেপ বিচাৰি মুখ্য ন্যায়াধীশলৈ পত্ৰ

এটা বিশেষ সম্প্ৰদায়ৰ বিৰুদ্ধে মুখ্যমন্ত্ৰীয়ে আগবঢ়োৱা বিতৰ্কিত মন্তব্যৰ পাছতে এতিয়া ন্যায় বিচাৰি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছে ৰাজ্যৰ ৪৩ গৰাকী বিশিষ্ট নাগৰিক। বৃহস্পতিবাৰে মুখ্য ন্যায়াধীশ আশুতোষ কুমাৰলৈ প্ৰেৰণ কৰা এখন…

তীব্ৰবেগী স্কৰ্পিঅ’ৰ খুন্দাত গুৰুতৰভাৱে আহত মহিলা জোৱান, হাস্পতালত মৃত্যু

ৰাজপথত তীব্ৰবেগী বাহনৰ নিয়ন্ত্ৰণহীন গতিয়ে কাঢ়ি নিলে এগৰাকী কৰ্তব্যপৰায়ণ মহিলা জোৱানৰ জীৱন। ঝাৰখণ্ডৰ ৰাজগঞ্জ-সিজুয়া মুখ্য পথৰ নয়া মোড়ৰ সমীপত বৃহস্পতিবাৰে নিশা সংঘটিত হয় এই হৃদয়বিদাৰক পথ দুৰ্ঘটনা। চিআইএছএফত কৰ্মৰত স্নেহলতা…

খিলঞ্জীয়াৰ নে মিঞাৰ পক্ষত কংগ্ৰেছ? গৌৰৱ গগৈক স্থিতি স্পষ্ট কৰাৰ দাবী মুখ্যমন্ত্ৰীৰ

ৰাজ্যৰ খিলঞ্জীয়া লোকৰ স্বাৰ্থ সুৰক্ষাৰ প্ৰশ্ন উত্থাপন কৰি আজি কংগ্ৰেছ দলক তীব্ৰ ভাষাৰে সমালোচনা কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। দেৰগাঁৱত ৰাজ্য চৰকাৰৰ হিতাধিকাৰী আঁচনিৰ চেক বিতৰণ অনুষ্ঠানত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে…

অসমৰ ৰাষ্ট্ৰীয় ঘাইপথত অৱতৰণ কৰিব বায়ুসেনাৰ যুঁজাৰু বিমান; মৰাণত ইতিহাস সৃষ্টিৰ ব্যাপক প্ৰস্তুতি

ৰাজ্যৰ যোগাযোগ আৰু প্ৰতিৰক্ষা খণ্ডৰ এক ঐতিহাসিক ক্ষণৰ সাক্ষী হ’বলৈ এতিয়া সাজু হৈছে অসমবাসী। অহা ১৪ ফেব্ৰুৱাৰীত মৰাণৰ ৰাষ্ট্ৰীয় ঘাইপথত নিৰ্মিত ৪.৪ কিলোমিটাৰ দৈৰ্ঘ্যৰ জৰুৰীকালীন অৱতৰণ পথত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক…

ভোটাৰ তালিকাৰ বিসংগতিক লৈ উচ্চতম ন্যায়ালয়ত উপস্থিত মমতা; নিৰ্বাচন আয়োগলৈ জাননী জাৰি

ভোটাৰ তালিকা সংশোধনৰ প্রক্রিয়াক কেন্দ্ৰ কৰি সৃষ্টি হোৱা আইনী যুঁজৰ মাজতে বুধবাৰে উচ্চতম ন্যায়ালয়ত অধিবক্তাৰূপে উপস্থিত হ’ল পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী। ৰাজ্যখনত চলি থকা স্পেচিয়েল ইনটেনচিভ ৰিভিজনৰ অধীনত ভোটাৰ তালিকাৰ…

ৰায়দানত বিলম্ব হোৱা কাৰ্য এক পৰিচিত ব্যাধি, এই ব্যাধি নির্মূল হোৱাটো জৰুৰীঃ উচ্চতম ন্যায়ালয়

দেশৰ বিচাৰ ব্যৱস্থাত দীৰ্ঘদিন ধৰি চলি অহা ৰায়দানৰ লেহেমীয়া গতিক এক পৰিচিত ব্যাধি বুলি অভিহিত কৰে উচ্চতম ন্যায়ালয়ে। মঙলবাৰে উচ্চ ন্যায়ালয়সমূহৰ মাহৰ পিছত মাহ ধৰি ৰায়দান সংৰক্ষিত কৰি ৰখাৰ প্ৰৱণতাক…

হাইলাকান্দিত ২৮০০ বিঘা ভূমি বেদখলমুক্ত কৰিবলৈ চলিল বুলড’জাৰ

অসম-মিজোৰাম সীমান্তৰ সংৰক্ষিত বনাঞ্চলত চৰকাৰী ভূমিত চলি থকা দীৰ্ঘদিনীয়া বেদখল উচ্ছেদ কৰিবলৈ সোমবাৰে হাইলাকান্দি জিলা প্ৰশাসনে এক বৃহৎ অভিযান আৰম্ভ কৰিছে। ঘৰমুৰা বন সংমণ্ডলৰ অধীনস্থ দামচেৰা অঞ্চলৰ প্ৰায় ২৮০০ বিঘা…