Author: Dipshikha

মহানগৰীত STFৰ অভিযান

মহানগৰীৰ বশিষ্ঠত STFৰ অভিযান। অভিযানত জব্দ ৫৬টা ড্ৰাগছভৰ্তি কণ্টেইনাৰ। আটক সুনা বানু বেগম নামৰ এগৰাকী মহিলা। খানাপাৰা উৰণসেতুৰ সমীপৰ পৰা জব্দ ড্ৰাগছখিনি। মহিলাগৰাকীৰ পৰা জব্দ নগদ ধন, এটা মোবাইল।

বৰপেটাৰোডত ভয়ংকৰ পথ দুৰ্ঘটনা

বৰপেটাৰোডত ভয়ংকৰ পথ দুৰ্ঘটনা। নিহত সাতভনীটুপৰ সজাহান আলী, আছমা খাতুন, জেচমিন পাৰবিন। নতুন স্কুতিৰে নিজৰ পেহীয়েকৰ ঘৰলৈ ফুৰিবলৈ আহোতে সংঘটিত এই দুৰ্ঘটনা। বালাভিঠাৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত এই দুৰ্ঘটনা।

বাক্সাত ভয়ংকৰ পথ দুৰ্ঘটনা

বাক্সাৰ উধিয়াগুৰিত ভয়ংকৰ পথ দুৰ্ঘটনা। নিয়ন্ত্রণ হেৰুৱাই দলঙৰ পৰা দ’ খাৱৈত পৰিল বালিভৰ্তি ডাম্পাৰ। দুৰ্ঘটনাত আঘাতপ্ৰাপ্ত ডাম্পাৰৰ চালক-হেণ্ডিমেন। দুৰ্ঘটনাগ্ৰস্ত ডাম্পাৰখনৰ নম্বৰ AS 25 DC 6101।

বৰষুণৰ পানীৰ বাবে কৰ!

বৰষুণৰ পানীৰ বাবে কৰ! এপ্ৰিলৰ পৰা কানাডাৰ টৰণ্টোবাসীয়ে ভৰিব লাগিব ‘ৰেইন টেক্স’। নিজৰ চৌহদৰ পৰা নলা-নদৰ্মালৈ নিৰ্গত হোৱা পানীৰ পৰিমাণৰ ওপৰত ভিত্তি কৰি ভৰিব লাগিব কৰ।

মহানগৰীৰ জালুকবাৰীত পথ দুৰ্ঘটনা

মহানগৰীৰ জালুকবাৰীত পথ দুৰ্ঘটনা। তীব্ৰবেগী চিটীবাছৰ খুন্দাত পথচাৰীৰ মৃত্যু। মৃত যুৱকজন মিৰ্জাৰ গীতাৰ্থ দাস। জালুকবাৰীৰ পৰা আজাৰা অভিমুখী আছিল বাছখন। বাছখনৰ চালক বাপন দাসক আটক আৰক্ষীৰ।

পুনৰ অসমলৈ আহিব গৃহমন্ত্ৰী অমিত শ্বাহ

পুনৰ অসমলৈ আহিব গৃহমন্ত্ৰী অমিত শ্বাহ। ডিব্ৰুগড়ত ঘোষণা মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ। নিৰ্বাচনী প্ৰচাৰৰ বাবে অসমলৈ আহিব প্ৰধানমন্ত্ৰী মোদী। বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডায়ো চলাব প্ৰচাৰ অভিযান।

চাপৰৰ ৰঙামাটিত নৃশংস হত্যাকাণ্ড

চাপৰৰ ৰঙামাটিত নৃশংস হত্যাকাণ্ড। স্বামীৰ বিৰুদ্ধে পত্নীক হত্যাৰ অভিযোগ। পত্নী নাছমিনা খাতুনক দাৰে ঘপিয়াই হত্যা ছাইদুল ৰহমানৰ। যুগলীকান্দাত সংঘটিত হৈছে এই ঘটনা। হত্যাকাণ্ডৰ পাছতে পলাতক হৈ থকা স্বামীক আটক আৰক্ষীৰ।

পাকিস্তানৰ সামৰিক বিমানবন্দৰত বিদ্রোহীৰ আক্ৰমণ

পাকিস্তানৰ সামৰিক বিমানবন্দৰত বিদ্ৰোহীৰ আক্ৰমণ৷ তুৰ্বকস্থিত নৌসেনাৰ বিমানবন্দৰ ‘PNS ছিদ্দিকী’ত আক্ৰমণ৷ পাক নিৰাপত্তাৰক্ষীৰ গুলীত BLAৰ ৪গৰাকী সদস্য নিহত হোৱা বুলি দাবী৷

দুলীয়াজানত ভয়ংকৰ দুৰ্ঘটনা

দুলীয়াজানৰ ভাদৈৰ পাঁচআলিত নিশা শোকাৱহ দুৰ্ঘটনা৷ দুৰ্ঘটনাত নিহত লোকজন ভাদৈ পাঁচ‌আলিৰ ৩নং চপাতলীৰ চন্দন শৰ্মা, গুৰুতৰভাৱে আহত মনদীপ লাহন, অজয় হেমৰম৷

আজি CIDৰ কাৰ্যালয়ত হাজিৰ হব দেৱব্ৰত শইকীয়া

আজি CIDৰ কাৰ্যালয়ত হাজিৰ হ’ব দেৱব্ৰত শইকীয়া। ভাৰত জোড়ো ন্যায় যাত্ৰাৰ আইন উলংঘাৰ গোচৰত হাজিৰ হ’ব লাগিব। যোৱা জানুৱাৰী মাহত অসমত ৰাহুল গান্ধীৰ ভাৰত জোড়ো ন্যায় যাত্ৰা আছিল। যাত্ৰাৰ সময়ত…