ঝাৰখণ্ড মুক্তি মৰ্চাৰ অসম বিধানসভা নিৰ্বাচনত প্ৰৱেশৰ পিছতে ৰাজনৈতিক মহলত পুনৰ চৰ্চা আৰম্ভ হৈছে। সীমিত সম্পদ আৰু সীমিত সময়ৰ মাজতো দলটোৱে কেইবাখনো আসনত যথেষ্ট সমৰ্থন লাভ কৰিছে। এই প্ৰদৰ্শনক জেএমএমৰ বাবে এক উল্লেখযোগ্য ৰাজনৈতিক অগ্ৰগতি হিচাপে বিবেচিত হৈছে। মুখ্যমন্ত্রী হেমন্ত সোৰেনে অসমবাসীৰ প্রতি কৃতজ্ঞতা প্রকাশ কৰি কয় যে ইমান কম সময়ৰ ভিতৰত আৰু সীমিত সম্পদেৰে যি সম্ভৱ হ’ল সেয়া তেওঁলোকৰ সহযোগিতা, আস্থা, আৰু সক্ৰিয় অংশগ্ৰহণৰ ফল। মুখ্যমন্ত্রীগৰকীয়ে লগতে উল্লেখ কৰে যে অসমৰ ৰাইজৰ সমর্থন কেৱল এক সমর্থন নহয়, দলটোৰ বাবেও এক উৎসাহৰ উৎস৷ তেওঁ দলীয় কৰ্মী আৰু সমৰ্থকসকলক প্ৰশংসা কৰি কয় যে তেওঁলোকৰ নিষ্ঠা আৰু কঠোৰ পৰিশ্ৰমে প্ৰচাৰক শক্তিশালী কৰি তুলিছে। অসমৰ মুঠ ১৬ খন আসনত জে এম এম দলে প্ৰাৰ্থী প্ৰক্ষেপ কৰে। প্ৰথম প্ৰচেষ্টাত দলটোৱে তীব্ৰ যুঁজ দি দুখন আসনত দ্বিতীয় স্থান দখল কৰি সাতখনত ১৫ হাজাৰৰো অধিক ভোট লাভ কৰে। উল্লেখযোগ্য ভোট লাভ কৰি আন কেইবাখনো আসনতো দলটোৱে নিজৰ উপস্থিতি অনুভৱ কৰাইছিল। মাজবাটত ২৯,১৭২, ভেৰগাঁৱত ২১,৯৯৭, গোসাঁইগাঁৱত ২০,৮৩১, ৰঙাপাৰাত ২০,৩০১ ভোট লাভ কৰে। ডিগবৈ, মাৰ্ঘেৰিটা, খুমটাই, আৰু সোণাৰি আদি আসনতো দলটোৱে ভাল সঁহাৰি লাভ কৰে। এই পৰিসংখ্যাই ইংগিত দিয়ে যে সীমিত সম্পদ থকাৰ পাছতো ভোটাৰৰ মাজত জেএমএমৰ আগ্ৰাসন আৰম্ভ হৈছে। Share this:FacebookX Related Post navigation বৰপেটাৰ ৰফিক আলীৰ মাৰাথন জয় ২০২৫-২৬ বৰ্ষত ২৮৯২টা স্থানত ইডিৰ অভিযান