এজাক মুষলধাৰ বৰষুণে পুনৰ মহাসাগৰত পৰিণত কৰিলে ‘স্মাৰ্ট চিটী’ গুৱাহাটী মহানগৰী! পুৱাৰ পৰা হোৱা ধাৰাবাহিক বৰষুণৰ ফলত সৃষ্টি হৈছে গুৰুতৰ কৃটিম বানৰ। প্ৰবল বৰষুণৰ বাবে ২৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ ন মাইল, দহ মাইল আৰু যোৰাবাট অঞ্চলত পানী জমা হৈ পৰাত পথছোৱাৰ দুয়োদিশতে যান-বাহন চলাচল সম্পূৰ্ণৰূপে ব্যাহত হৈ পৰে। পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি যান-বাহন আৰক্ষীয়ে তৎপৰতাৰে সৰু মটৰ বাহনসমূহৰ বাবে বিকল্প পথ নিৰ্ধাৰণ কৰিছে। এই নিৰ্দেশনা অনুসৰি গুৱাহাটী অভিমুখে প্ৰৱেশ কৰা বাহনসমূহক ডিগাৰুৰ পৰা অন্য দিশে ঘূৰাই পঠিওৱাৰ ব্যৱস্থা কৰা হৈছে। একেদৰে গুৱাহাটীৰ পৰা ওলাই যোৱা বাহনসমূহক কইনাধাৰা পইণ্টৰ পৰা নিৰ্দেশিত পথেৰে চালিত কৰিছে প্ৰশাসনে। বাহিৰলৈ যাত্ৰা কৰা চালকসকলক বিকল্প পথ হিচাপে নাৰেংগী হৈ চলাচল কৰিবলৈ পৰামৰ্শ আগবঢ়াইছে বিভাগীয় কৰ্তৃপক্ষই। যাত্ৰী আৰু চালকসকলে যাতে সহজে এই পৰিৱৰ্তিত পথৰ তথ্য লাভ কৰিব পাৰে, তাৰ বাবে ফেচবুক আৰু ‘এক্স’ৰ দৰে সামাজিক মাধ্যমৰ জৰিয়তেও সতৰ্কতামূলক জাননী প্ৰচাৰ চলাইছে যান-বাহন বিভাগে। Share this:FacebookX Related Post navigation ‘অপাৰেচন সেন্দূৰ’ক লৈ প্ৰাক্তন চিডিএছ অনিল চৌহানৰ বিস্ফোৰক তথ্য; কিৰাণা হিলছ আৰু চাৰগোধা আক্ৰমণৰ আঁৰৰ কাহিনী ফাদিল