গঁড় সংৰক্ষণৰ বাবে সজাগতা বৃদ্ধিৰ অংশ হিচাপে অসমৰ গঁড় থকা দুটা অঞ্চলৰ সমীপত অৱস্থিত তিনিখন বিদ্যালয়ত আৰণ্যকৰ “গঁড় বিদ্যালয়লৈ যায়”শীৰ্ষক  অভিযানৰ আয়োজন কৰে। এই কাৰ্যসূচীত বিদ্যালয় কেইখনৰ চাৰি শতাধিক ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে।

ওৰাং ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ প্ৰাধিকৰণৰ সহযোগত ওৰাঙৰ চেঙেলিমৰাৰ লুইত জাতীয় বিদ্যালয়ত আয়োজন কৰা এটা অনুষ্ঠানত ২৫০ ৰো অধিক ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে। সজাগতা অভিযানৰ অংশ হিচাপে ছাত্ৰ-ছাত্ৰীসকলক গঁড়ৰ বিভিন্ন দিশ, এই প্ৰাণীটোৰ বৈশিষ্ট্যসমূহ আৰু বাসস্থানৰ লগতে পৰিৱেশ তন্ত্ৰ আৰু আমাৰ মংগলৰ বাবে ইহঁতে লোৱা ভূমিকা সম্পৰ্কে শিক্ষা দিয়া হয়।

এই বিষয় সম্পৰ্কীয় দৃশ্যগত উপস্থাপন, আমাৰ ৰাজ্যিক প্ৰাণী এশিঙীয়া গঁড়ৰ বিষয়ে মত-বিনিময় আৰু স্থানীয় উদ্ভিদ আৰু প্ৰাণীকূলৰ বিষযে আলোচনাৰ সৈতে সংগতি ৰাখি এক আকৰ্ষণীয় মুকলি কুইজ প্ৰতিযোগিতাও আয়োজন কৰা হয় ।

Leave a Reply

Your email address will not be published. Required fields are marked *