ভাৰতীয় প্ৰতিৰক্ষা বাহিনীৰ ইতিহাসত মহিলাৰ নেতৃত্বক নতুন মাত্ৰা প্ৰদান কৰি এক অনন্য কৃতিত্ব অৰ্জন এগৰাকী সেনা বিষয়াৰ। ভাৰতীয় প্ৰতিৰক্ষা সেৱাৰ প্ৰথমগৰাকী অনা-চিকিৎসা বিষয়া হিচাপে ‘টু-ষ্টাৰ’ পদবীলৈ পদোন্নতি লাভ কৰিছে এয়াৰ ভাইচ মাৰ্শ্বাল শক্তি শৰ্মাই। এই পদোন্নতিৰ লগে লগে তেওঁ ভাৰতীয় বায়ুসেনাৰ এছিষ্টেণ্ট চীফ অৱ দ্য এয়াৰ ষ্টাফ (শিক্ষা) হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰে। দেশৰ নাৰী শক্তিয়ে সকলো বাধা নেওচি প্ৰতিৰক্ষা বিভাগৰ শীৰ্ষ নেতৃত্বত স্থান দখল কৰাৰ নিদৰ্শন দাঙি ধৰিছে এই সফলতাই। দায়িত্ব আৰু নিষ্ঠাৰে দেশসেৱাত অগ্ৰণী ভূমিকা পালন কৰা শক্তি শৰ্মাৰ এই উত্তৰণে কেৱল পুৰণিকলীয়া ধাৰণাক ওফৰাই পেলোৱাই নহয়, ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত এক মাইলৰ খুঁটিও স্থাপন কৰিছে। সামৰিক বাহিনীত সেৱা আগবঢ়োৱাৰ স্বপ্ন দেখা দেশৰ কোটি কোটি যুৱতীৰ বাবে অনুপ্ৰেৰণা হৈ পৰিছে এই ঐতিহাসিক পদক্ষেপ। কোনো লক্ষ্যই যে অসম্ভৱ নহয়, সেই কথা এই পদোন্নতিৰ জৰিয়তে প্ৰতিফলিত হৈছে বুলি প্ৰতিৰক্ষা মহলত চৰ্চা চলিছে। বায়ুসেনাৰ শিক্ষা শাখাৰ দায়িত্ব গ্ৰহণ কৰি এয়াৰ ভাইচ মাৰ্শ্বাল শক্তি শৰ্মাই নিজৰ নতুন ইনিংছ আৰম্ভ কৰিছে। Share this:FacebookX Related Post navigation জি এম চি এইচত ৰবটিক ছাৰ্জাৰীৰ উৎকৰ্ষ কেন্দ্ৰ স্থাপনৰ বাবে গ্ল’বেল হেল্থ লিমিটেড, মেদান্তৰ সৈতে অসম চৰকাৰৰ বুজাবুজি চুক্তি মাদ্ৰাছা সম্প্ৰসাৰণৰ বাবে ভাঙি পেলোৱা হ’ল শতিকা পুৰণি হিন্দু মন্দিৰ! পাকিস্তানৰ পঞ্জাৱত উত্তেজনা