নেপালৰ নতুন স্বাস্থ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰি ইতিহাস ৰচিলে দিল্লী এইমছৰ প্ৰাক্তন ছাত্ৰী নিশা মেহতাই। দিল্লীস্থ অল ইণ্ডিয়া ইনষ্টিটিউট অৱ মেডিকেল চায়েঞ্চৰ নাৰ্ছিং মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰীগৰাকীৰ এই বিৰল কৃতিত্বই এতিয়া সমগ্ৰ নাৰ্ছিং সমাজলৈ গৌৰৱ কঢ়িয়াই আনিছে। দেওবাৰে এইমছ কৰ্তৃপক্ষই জাৰি কৰা এক চৰকাৰী বিবৃতিত মেহতাৰ এই সফলতাক প্ৰতিষ্ঠানটোৰ বাবে এক ডাঙৰ সন্মান বুলি অভিহিত কৰে। উল্লেখ্য যে যোৱা ২৭ মাৰ্চত নেপালৰ স্বাস্থ্যমন্ত্ৰী হিচাপে আনুষ্ঠানিকভাৱে দায়িত্ব গ্ৰহণ কৰিছে মেহতাই।

নিশা মেহতাৰ এই যাত্ৰাক লৈ এইমছ দিল্লীয়ে কয়, “বিচনাৰ কাষত ৰোগীৰ সেৱা কৰাৰ পৰা এতিয়া এক গুৰুত্বপূৰ্ণ নীতি নিৰ্ধাৰণকাৰী পদলৈকে নিশা মেহতাৰ এই যাত্ৰাই নাৰ্ছিং বৃত্তিৰ বৰ্ধিত পৰিসৰ আৰু নেতৃত্বৰ সম্ভাৱনাক প্ৰতিফলিত কৰিছে।” ২০০৬ চনৰ পৰা ২০১০ চনলৈ এই প্ৰতিষ্ঠানখনত বি এছ চি নাৰ্ছিং অধ্যয়ন কৰা মেহতাই সদায় বিদ্যায়তনিক আৰু সহ-পাঠ্যক্ৰমৰ ক্ষেত্ৰত ব্যতিক্ৰমী নেতৃত্বৰ পৰিচয় দিছিল বুলিও বিবৃতিত উল্লেখ কৰা হয়।

নেপালৰ শেহতীয়া নিৰ্বাচনত ৰাষ্ট্ৰীয় স্বতন্ত্ৰ পাৰ্টীয়ে ২৭৫ খন আসনৰ ভিতৰত ১৮২ খন আসন লাভ কৰি এক বিশাল বিজয় সাব্যস্ত কৰাৰ পিছতেই মেহতাৰ এই নিযুক্তিৰ পথ প্ৰশস্ত হয়। প্ৰাক্তন প্ৰধানমন্ত্ৰী কে পি অলিৰ মিত্ৰজোঁটৰ চৰকাৰ পতন হোৱাৰ পিছত নেপালত এয়া প্ৰথমখন গণতান্ত্ৰিকভাৱে নিৰ্বাচিত চৰকাৰ। দুৰ্নীতি আৰু স্বজন-তোষণৰ বিৰুদ্ধে দেশখনৰ যুৱ প্ৰজন্মই গঢ়ি তোলা ব্যাপক গণতান্ত্ৰিক আন্দোলনৰ পৰিপ্ৰেক্ষিতত যোৱা ৫ মাৰ্চত দেশখনত নিৰ্বাচন অনুষ্ঠিত হৈছিল।

এইমছ কৰ্তৃপক্ষই লগতে কয়, “মেহতাৰ এই সফলতাই কেৱল ৰোগীৰ সেৱাই নহয়, বৰঞ্চ ৰাষ্ট্ৰীয় আৰু বিশ্ব পৰ্যায়ত স্বাস্থ্য নীতি নিৰ্ধাৰণৰ ক্ষেত্ৰতো নাৰ্ছসকলৰ গুৰুত্বপূৰ্ণ ভূমিকাক অধিক শক্তিশালী কৰিছে।” নেপালৰ জনস্বাস্থ্যৰ উন্নয়নৰ ক্ষেত্ৰত নিশা মেহতাই এক উল্লেখনীয় প্ৰভাৱ পেলাব পাৰিব বুলি এইমছ পৰিয়ালে আশা প্ৰকাশ কৰাৰ লগতে তেওঁৰ সফল কাৰ্যকালৰ বাবে শুভেচ্ছা জ্ঞাপন কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *