উপসাগৰীয় অঞ্চলত সৃষ্টি হোৱা তীব্ৰ উত্তেজনাৰ মাজতে ভাৰতৰ শক্তিৰ প্ৰয়োজনীয়তাৰ প্ৰতি লক্ষ্য ৰাখি ৰাছিয়াৰ তেল ক্ৰয়ৰ ক্ষেত্ৰত ৩০ দিনৰ বাবে বিশেষ ৰেহাইৰ অনুমতি প্ৰদান কৰিছে আমেৰিকাই। হৰমুজ প্ৰণালীৰ মাজেৰে হোৱা জাহাজ চলাচলত বাধা আহি পৰাৰ সময়তে বৃহস্পতিবাৰে ট্ৰাম্প প্ৰশাসনে এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে। বিশ্বৰ বজাৰত তেলৰ যোগান ব্যাহত নহ’বলৈ আমেৰিকাৰ কোষাগাৰ বিভাগে ভাৰতীয় শোধনাগাৰসমূহক এই অস্থায়ী ৰেহাই প্ৰদান কৰিছে। আমেৰিকাৰ কোষাগাৰ সচিব স্কট বেচেণ্টে এই সন্দৰ্ভত কয়, “বিশ্ব বজাৰত তেলৰ প্ৰবাহ স্বাভাৱিক ৰাখিবলৈ ভাৰতীয় শোধনাগাৰক ৰাছিয়াৰ তেল ক্ৰয়ৰ বাবে আমি ৩০ দিনৰ অনুমতি দিছোঁ। ৰাষ্ট্ৰপতি ট্ৰাম্পৰ শক্তি এজেণ্ডাৰ ফলত আমাৰ দেশত তেল আৰু গেছৰ উৎপাদন এতিয়া অভিলেখ স্তৰত আছে।” তেওঁ লগতে কয়, “ভাৰত আমেৰিকাৰ এক অপৰিহাৰ্য অংশীদাৰ আৰু আমি আশা কৰিছোঁ যে নতুন দিল্লীয়ে অনাগত সময়ত আমেৰিকাৰ পৰা তেলৰ আমদানি অধিক বৃদ্ধি কৰিব।” উল্লেখ্য যে যোৱা ২৮ ফেব্ৰুৱাৰীত ইৰাণৰ ভূখণ্ডত আমেৰিকা আৰু ইজৰাইলে চলোৱা যৌথ সামৰিক আক্ৰমণত দেশখনৰ সৰ্বোচ্চ নেতা আয়াতুল্লা আলী খামেইনীৰ মৃত্যু হোৱাৰ পাছৰে পৰা পশ্চিম এছিয়াৰ পৰিস্থিতি অগ্নিগৰ্ভা হৈ পৰিছে। ভাৰতে নিজৰ প্ৰয়োজনীয় তেলৰ প্ৰায় ৪০ শতাংশ এই অঞ্চলৰ পৰাই আমদানি কৰে। মধ্যপ্ৰাচ্যৰ এই সংকটৰ পৰিপ্ৰেক্ষিতত ভাৰতৰ শক্তি সুৰক্ষা যাতে বিঘ্নিত নহয়, তাৰ বাবে আমেৰিকাৰ এই পদক্ষেপে বিশেষ তাৎপৰ্য বহন কৰিছে। ইফালে, ভাৰত চৰকাৰৰ এক সূত্ৰই জনোৱা অনুসৰি দেশত খাৰুৱা তেল আৰু এল পি জিৰ মজুত বৰ্তমান সন্তোষজনক অৱস্থাত আছে। চৰকাৰে দিনটোত দুবাৰকৈ শক্তি পৰিস্থিতিৰ পৰ্যালোচনা কৰি থকাৰ লগতে আন যোগানকাৰী দেশসমূহৰ সৈতেও ধাৰাবাহিক যোগাযোগ ৰক্ষা কৰিছে। বিশ্ব শক্তি বজাৰৰ প্ৰতিটো খবৰ তীক্ষ্ণভাৱে নিৰীক্ষণ কৰি ভাৰতে নিৰৱচ্ছিন্ন যোগান নিশ্চিত কৰিবলৈ সম্পূৰ্ণ সাজু হৈ আছে। Share this:FacebookX Related Post navigation ইউটিউবাৰ অনুৰাগ ডোভালৰ বিস্ফোৰক দাবী, পৰিয়ালক লক্ষ্য কৰি ভিডিঅ’যোগে কড়া সতর্কবাণী গুৱাহাটীৰ ভিভান্তা হোটেলত আয়োজিত ফেমিনা গেমচেঞ্জাৰছ নৰ্থ-ইষ্ট ২০২৬ অনুষ্ঠান