ভাৰতৰ অন্যতম আগশাৰীৰ বেংক বেংক অৱ বৰোদা(BoB)ই আস্থা, উদ্ভাৱন আৰু স্থিৰতাৰ প্ৰতি নিজৰ দায়ৱদ্ধতাৰে ১১৮সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন কৰে। বেংকৰ ১১৮ সংখ্যক বছৰৰ বিষয়বস্তু হৈছে‘ভৰসাৰ নতুন আধাৰ : নতুনত্ব’’, যিয়ে গ্ৰাহকৰ দীৰ্ঘদিনীয়া আস্থা বজাই ৰখাৰ লগতে ভৱিষ্যত বেংকিঙৰ ৰূপৰেখাত প্ৰকট কৰে। বেংকৰ প্ৰতিষ্ঠা দিৱস উদযাপনৰ মুখ্য অতিথি হিচাপে বিত্তীয় সেৱা বিভাগৰ সচিব এম নাগাৰাজুৱে অংশগ্ৰহণ কৰে। বেংকে এমএছএমই আৰু ব্যৱসায়ীসকলৰ বাবে বিঅ’বি ৱৰ্ল্ড বিজনেছ এপ, এআই আৰু থ্ৰীডি হ’ল’গ্ৰাফিক প্ৰযুক্তিৰ দ্বাৰা চালিত এটা অত্যাধুনিক ভাৰ্চুৱেল ফ্ৰণ্ট অফিচ পাইলট প্ৰকল্প, বিশ্বব্যাপী ইউপিআই লেনদেনৰ বাবে বিঅ’বিइপে ইণ্টাৰনেচনেল আৰু দৃষ্টিশক্তিহীন গ্ৰাহকসকলৰ বাবে বিঅ’বি ইনচাইট ব্ৰেইলি ডেবিট কাৰ্ডকে ধৰি গুৰুত্বপূৰ্ণ গ্ৰাহক-কেন্দ্ৰিক অফাৰসমূহ মুকলি কৰে। সেউজ বিত্তীয় আঁচনিসমূহৰ শুভাৰম্ভণিয়ে বেংকৰ স্থায়িত্বৰ দিশত প্ৰচেষ্টাৰ ওপৰত অধিক গুৰুত্ব আৰোপ কৰিছে। বেংক অৱ বৰোদাৰ পৰিচালন সঞ্চালক তথা মুখ্য কাৰ্যবাহী বিষয়া দেৱদত্ত চান্দে কয় যে, বেংকৰ শতিকা জুৰি অব্যাহত থকা বিশ্বাসে ডিজিটেলভাৱে শক্তিশালী আৰু সামগ্ৰিক ভাৰতৰ বাবে দায়িত্বশীলভাৱে উদ্ভাৱন কৰাৰ বাবে বেংকৰ অভিযানক সদায়ে ইন্ধন যোগাই আহিছে। উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰাণকেন্দ্ৰ গুৱাহাটীৰ গ্ৰাহকসকলে বেংকটোৰ শেহতীয়া পদক্ষেপসমূহক আদৰণি জনাইছে। স্থানীয় এম এছ এম ই, ষ্টাৰ্টআপ আৰু ডিজিটেলভাৱে সচেতন ব্যৱহাৰকাৰীসকলে নতুন অফাৰসমূহৰ বিষয়ে যথেষ্ট প্ৰত্যাশা কৰিছে, বিশেষকৈ বিঅ’বি ৱৰ্ল্ড বিজনেছ এপে বিত্তীয় কাৰ্য-কলাপ সুশৃংখলিত কৰিব আৰু অঞ্চলটোত ডিজিটেল বেংকিং সঁজুলিসমূহৰ ব্যৱহাৰ বৃদ্ধি কৰিব বুলি আশা কৰা হৈছে। Share this:FacebookX Related Post navigation ঢাকা বিমান দুৰ্ঘটনাৰ পিছত বাংলাদেশলৈ ভাৰতৰ চিকিৎসা সহায় ইণ্ডিয়ান ছুপাৰক্ৰছ ৰেচিং লীগ ছিজন ২ৰ অকুণ্ঠ সমৰ্থন ছলমান খানৰ; সামগ্ৰিক বজাৰ দখল আৰু যুৱ প্ৰজন্মক সংযোগৰ লক্ষ্য আইএছআৰএলৰ