আমেৰিকাত ৫০ বছৰৰ বিৰতিৰ পাছত নতুন তেল শোধনাগাৰ নিৰ্মাণৰ ঘোষণা কৰিলে ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে। টেক্সাছত স্থাপন হ’বলগীয়া এই ৩’শ বিলিয়ন ডলাৰৰ ঐতিহাসিক প্রকল্পত ভাৰতৰ ৰিলায়েন্স ইণ্ডাস্ট্ৰীজ অংশীদাৰ হৈছে। এই প্ৰকল্পটো আমেৰিকাৰ ইতিহাসৰ বৃহত্তম বাণিজ্যিক চুক্তিটোলৈ ঠাই পোৱা, যাৰ বাবে বিশ্বৰ শক্তি বজাৰত তীব্ৰ চৰ্চা আৰম্ভ হৈছে। ট্ৰাম্পে তেওঁৰ ছচিয়েল মিডিয়া প্লেটফৰ্মত কৈছে যে, “এই বিনিয়োগৰ বাবে মই ৰিলায়েন্সক ধন্যবাদ জনাইছোঁ।” উল্লিখিত তথ্য অনুসৰি, এই নতুন শোধনাগাৰৰ পৰা উৎপাদিত ইন্ধন ক্ৰয় কৰিবলৈ ৰিলায়েন্সৰ সৈতে ২০ বছৰীয়া চুক্তি স্বাক্ষৰিত হৈছে। এই মেগা ডীলবোৰ চৰকাৰী অনুজ্ঞাপত্ৰ আৰু কৰ হ্ৰাসৰ সুফলৰ বাবে সম্ভব হৈছে। নতুন শোধনাগাৰৰ নিৰ্মাণ চলতি বছৰৰ দ্বিতীয় ত্ৰৈমাসিকৰ পৰা আৰম্ভ হ’ব আৰু ইয়াত দৈনিক প্ৰায় ১,৬০,০০০ বেৰেল খাৰুৱা তেল শোধন কৰা হ’ব। ইৰাণৰ যুদ্ধৰ পৰিপেক্ষিতত বিশ্বজুৰি ইন্ধনৰ নাটনি চলি থকাৰ সময়ত আমেৰিকাই এই বৃহৎ পদক্ষেপ গ্ৰহণ কৰিছে। সম্পূৰ্ণৰূপে আমেৰিকান শ্বেল অইলৰ ওপৰত ভিত্তি কৰি চলিবলগীয়া এই প্রকল্পই আমেৰিকা দেশখনৰ ৰাষ্ট্ৰীয় সুৰক্ষা অধিক শক্তিশালী কৰিব। পাঁচ দশকৰ পাছত স্থাপন হ’বলগীয়া এই গ্ৰীনফিল্ড শোধনাগাৰটোৱে সংশ্লিষ্ট অঞ্চলটোত হাজাৰ হাজাৰ লোকৰ কৰ্মসংস্থাপনৰ পথ মুকলি কৰিব। ট্ৰাম্প প্ৰশাসনে দাবী কৰা অনুসৰি, এই ঐতিহাসিক বিনিয়োগে আমেৰিকাক বিশ্বৰ শক্তিৰ বজাৰত পুনৰ শক্তিশালী আধিপত্য প্ৰদান কৰিব। Share this:FacebookX Related Post navigation পাকিস্তানলৈ গোপন তথ্য যোগান ধৰাৰ অভিযোগত গ্ৰেপ্তাৰ নৌসেনাৰ জোৱান ৰঞ্জী ট্ৰফী চেম্পিয়ন জম্মু-কাশ্মীৰ; বিচিচিআইৰ পৰা ৫ কোটি টকাৰ পুৰস্কাৰ