পঞ্জাৱত আজি সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। পুৱা পঞ্জাৱৰ লুধিয়ানাৰ পৰা দিল্লী অভিমুখে যাত্ৰাৰত অৱস্থাতে গৰীব ৰথ এক্সপ্ৰেছৰ এটা ডবাত অগ্নিকাণ্ড সংঘটিত হয়। পঞ্জাৱৰ ছিৰহিন্দ ষ্টেচনৰ সমীপত সংঘটিত হৈছে এই ঘটনা। প্ৰাৰম্ভিক তদন্তত শ্বৰ্ট চাৰ্কিটৰ ফলত এই অগ্নিকাণ্ডৰ সূত্ৰপাত হোৱা বুলি জানিব পৰা গৈছে। এই অগ্নিকাণ্ডৰ ফলত চলন্ত ৰে’লখনত এক আতংকময় পৰিস্থিতিৰ উদ্ভৱ হয়। অৱশ্যে এই ঘটনাত কোনো যাত্ৰী নিহত বা আহত হোৱা নাই বুলি ৰে’ল বিভাগৰ বিষয়াসকলে সদৰী কৰিছে।অৱশ্যে সম্প্ৰতি পৰিস্থিতি নিয়ন্ত্ৰণত আছে আৰু এইপৰ্যন্ত কোনো লোক বিপদৰ সন্মুখীন হোৱা নাই বুলিও কৰ্তৃপক্ষই জানিবলৈ দিয়ে। ৰে’লখন ছিৰহিন্দ ষ্টেচন পাৰ হৈ যোৱাৰ সময়তে পুৱা প্ৰায় ৭:৩০ বজাত সংঘটিত হয় এই দুৰ্ঘটনা। ৰে’লখনৰ ১৯ নম্বৰ এচি ডবাত এই অগ্নিকাণ্ড সংঘটিত হয় বুলি জানিব পৰা গৈছে। Share this:FacebookX Related Post navigation ৯খন ব্ৰিটিছ বিশ্ববিদ্যালয়ে ভাৰতত মুকলি কৰিব কেম্পাছ হাজাৰ হাজাৰ মহিলাই লাভ কৰে ১০ হাজাৰ টকাৰ চেক