বয়স তেওঁৰ ৪৭ বছৰ। প্ৰতিযোগিতাত ভাগ ল’বলৈ তেওঁৰ ওচৰত নাছিল কোনো জোতা কিম্বা অন্য সা-সৰঞ্জাম। কিন্তু কন্যাৰ শিক্ষাৰ সপোন পূৰণৰ স্বাৰ্থতে সাধাৰণ শাৰী পিন্ধি খালী ভৰিৰেই মাৰাথনত অংশ লৈ প্ৰথম পুৰস্কাৰ অৰ্জন কৰিবলৈ সক্ষম হ’ল মহিলাগৰাকীয়ে। মহাৰাষ্ট্ৰৰ বীড় জিলাৰ অম্বাযোগাই চহৰত শিক্ষানুষ্ঠানৰ ৭৫ সংখ্যক বাৰ্ষিকী উপলক্ষে আয়োজিত ‘অমৃত দৌড়’ মাৰাথনত বিজয়ীৰ খিতাপ দখল কৰে ৰমাবাঈ ৰণবীৰ নামৰ ৪৭ বছৰীয়া এগৰাকী মহিলাই। আধুনিক সা-সুবিধাপ্ৰাপ্ত প্ৰশিক্ষিত বহু কম বয়সীয়া প্ৰতিযোগীক পিছ পেলাই তেওঁ অৰ্জন কৰে এই কৃতিত্ব।

উল্লেখ্য যে, স্বামীৰ মৃত্যুৰ পিছত আনৰ ঘৰত ৰান্ধনী হিচাপে কাম কৰি পৰিয়াল পোহপাল দিয়া ৰমাবাঈয়ে দুই কন্যা সন্তানৰ পঢ়া-শুনাৰ দায়িত্ব অকলেই বহন কৰি আহিছে। প্ৰতিযোগিতাখনৰ তিনি হাজাৰ টকাৰ পুৰস্কাৰ ধন লাভ কৰিলে সন্তানৰ স্কুলৰ মাচুল আৰু কিতাপ-পত্ৰ ক্ৰয় কৰিব পৰা যাব বুলি ভাবিয়েই তেওঁ দৌৰত অৱতীৰ্ণ হয়।

বোকাময় ট্ৰেকত পিন্ধি থকা সাধাৰণ চেন্দেলযোৰে অসুবিধা দিয়াত দৌৰৰ মাজভাগতে তেওঁ চেন্দেল খুলি হাতত তুলি লয়। কোনো প্ৰশিক্ষণ বা এনাৰ্জী ড্ৰিংক নোহোৱাকৈয়ে কেৱল সন্তানৰ ভৱিষ্যতৰ কথা চিন্তা কৰি খালী ভৰিৰেই লক্ষ্যস্থানলৈ তেওঁ দৌৰ অব্যাহত ৰাখে।

দৌৰ শেষ কৰি হাতত চেন্দেলযোৰ লৈ বিজয়ীৰ ৰূপত শেষ সীমা অতিক্ৰম কৰা মাতৃগৰাকীক দেখি স্তম্ভিত হৈ পৰে আয়োজকসকল। পুৰস্কাৰৰ ৩,০০০ টকা লাভ কৰাৰ পিছত ৰমাবাঈয়ে কয়, “এই ধন মই মোৰ কন্যা সন্তানৰ শিক্ষাৰ বাবেহে খৰচ কৰিম।”

সামাজিক মাধ্যমত মাতৃগৰাকীৰ এই প্ৰচেষ্টাৰ দৃশ্য বিয়পি পৰাৰ পাছতে এজন ব্যৱহাৰকাৰীয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়, “মাতৃয়েই পৃথিৱীৰ আটাইতকৈ ডাঙৰ যোদ্ধা, তেওঁ এই কথা প্ৰমাণ কৰি দিলে।” আনহাতে, বহু সচেতন লোকে তেওঁক আৰ্থিকভাৱে সহায় কৰাৰ বাবে বিশেষ পদক্ষেপ গ্ৰহণৰো আহ্বান জনায়।

Leave a Reply

Your email address will not be published. Required fields are marked *