ডিজিটেল অফাৰসমূহ শক্তিশালী কৰাৰ লগতে গ্ৰাহকৰ সংযোগ গভীৰ কৰাৰ প্ৰয়াসৰূপে ভাৰতৰ আগশাৰীৰ টেলিকম অপাৰেটৰ ভি-এ মুকলি কৰিছে গেলেক্সী শ্বুটাৰ্ছ ফ্ৰিডম ফেষ্ট, ভি গেমছৰ এই অফাৰ ৩১ আগষ্টলৈকে ভি এপৰ জৰিয়তে একচেটিয়াভাৱে উপলব্ধ। বিশেষ সংস্কৰণত গেমিং, মনোৰঞ্জন আৰু ব্যৱহাৰকাৰীৰ বাবে নূন্যতম খৰচত একচেটিয়া পুৰস্কাৰৰ সংমিশ্ৰণ ঘটিছে। এই উৎসৱৰ আকৰ্ষণীয় দিশটো হ’ল মাত্ৰ ১ টকাত ৪৯৯৯ টকা মূল্যৰ বাৰ্ষিক ৰিচাৰ্জ লাভ কৰাৰ সুযোগ, য’ত আছে ২জিবি দৈনিক ডাটা, এমাজন প্ৰাইম ভিডিঅ’ আৰু ভি মুভিজ এণ্ড টিভি ছুপাৰ চাবস্ক্ৰিপচনৰ জৰিয়তে ১৯টা অ’টিটি প্লেটফৰ্ম যেনে ছনী লিভ, জি৫, লায়ন্সগেট প্লে আৰু ফেনক’ড আদি ব্যৱহাৰ কৰাৰ সুযোগ। আন আন পুৰস্কাৰসমূহৰ ভিতৰত অন্যতম ১ টকাত ৫০ জিবি ডাটা পেক, ১০ জিবি ডাটাৰ সৈতে অ’টিটি চাবস্ক্ৰিপচন আৰু ৫০ টকাৰ গিফ্ট ভাউচাৰ। অংশগ্ৰহণকাৰীসকলে দৈনিক লগ ইন কৰিব পাৰে, গেলেক্সী শ্বুটাৰ খেলিব পাৰে, জেমছ কালেক্ট কৰিব পাৰে আৰু জয়ৰ সম্ভাৱনা বৃদ্ধি কৰিব পাৰে। গুৱাহাটী বজাৰৰ দৃষ্টিকোণৰ পৰা এই শুভাৰম্ভণিয়ে যুৱ মোবাইল গেমাৰ আৰু অ’টিটি গ্ৰাহকসকলৰ মাজত ভি-ৰ আকৰ্ষণ বৃদ্ধি কৰিব বুলি আশা কৰা হৈছে। অসম ডিজিটেল মনোৰঞ্জন আৰু গেমিঙৰ ক্ষেত্ৰত এক শক্তিশালী বিকাশৰ কেন্দ্ৰ হিচাপে আত্মপ্ৰকাশ কৰাৰ লগে লগে, ভি-ৰ ফেষ্টিভ অফাৰে চহৰৰ যুৱক-যুৱতী আৰু শিক্ষাৰ্থীসকলক আকৰ্ষিত কৰাৰ সম্ভাৱনা আছে, যিয়ে অঞ্চলটোত ডাটাৰ ব্যৱহাৰ আৰু গ্ৰাহকৰ দৃঢ়তা দুয়োটাকে সমানে চালিত কৰিব। এই গেমিং প্ৰতিযোগিতাখন দৈনিক ৰিছেট হয়, যাৰ ফলত ব্যৱহাৰকাৰীসকলে জয়ী হোৱাৰ একাধিক সুযোগ পায়। বিজয়ীসকলৰ নাম ভি এপত ঘোষণা কৰা হ’ব আৰু এছএমএছৰ জৰিয়তে অৱগত কৰা হ’ব। গেলেক্সী শ্বুটাৰছ ফ্ৰিডম ফেষ্টৰ জৰিয়তে ভি-এ ভাৰতৰ দ্ৰুতগতিত সম্প্ৰসাৰিত হোৱা মোবাইল গেমিং বজাৰত নিজকে শক্তিশালীভাৱে স্থান দখলৰ প্ৰয়াস কৰিছে, যি ২০২৫ চনৰ শেষত ৭.৫–৮.৭৫ বিলিয়ন ডলাৰ হোৱাৰ প্ৰকল্প কৰা হৈছে। Share this:FacebookX Related Post navigation জয়শংকৰৰ মস্কো ভ্ৰমণৰ লক্ষ্য হৈছে বাণিজ্য বৃদ্ধিৰ ভাৰত-ৰাছিয়াৰ সম্পৰ্ক পুনৰ ভাৰসাম্য ৰক্ষা কৰা এবটে ভাৰতত মুকলি কৰিলে ডায়েবেটিছ ব্যৱস্থাপনাৰ শেহতীয়া উদ্ভাৱন ফ্ৰীষ্টাইল লিবাৰ ২ প্লাছ চেন্সৰ