ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰে ১৯ আগষ্টত চৰকাৰী ভ্ৰমণসূচীৰে ৰাছিয়াত উপস্থিত হৈছেগৈ। প্ৰথম দিনাই জয়শংকৰে ৰাছিয়াৰ আগশাৰীৰ বিশেষজ্ঞ আৰু বিশিষ্ট ব্যক্তিৰ প্ৰতিনিধিক সাক্ষাৎ কৰি ভাৰত-ৰাছিয়াৰ সম্পৰ্ক, বিশ্ব ভূ-ৰাজনীতি আৰু সমসাময়িক প্ৰত্যাহ্বানৰ ওপৰত ভাৰতৰ দৃষ্টিভংগীৰ ওপৰত মত বিনিময় কৰে। ২০ আগষ্টত ড০ জয়শংকৰে ভাৰত-ৰাছিয়া আন্তঃচৰকাৰী বাণিজ্য, অৰ্থনৈতিক, বৈজ্ঞানিক, প্ৰযুক্তিগত, আৰু সাংস্কৃতিক সহযোগিতা আয়োগ(আইআৰআইজিচি-টিইচি)ৰ ২৬ সংখ্যক অধিবেশনৰ সহ-অধ্যক্ষ আছিল। নিজৰ ভাষণত বিদেশ মন্ত্ৰীজনে ২০২১ চনত ১৩ বিলিয়ন মাৰ্কিন ডলাৰৰ পৰা ২০২৪–২৫ চনত ৬৮ বিলিয়ন মাৰ্কিন ডলাৰলৈ দ্বিপাক্ষিক বাণিজ্যৰ দ্ৰুত বৃদ্ধিৰ ওপৰত আলোকপাত কৰে, লগতে ৯গুণ বৃদ্ধি পোৱা বৰ্ধিত বাণিজ্যিক ভাৰসাম্যহীনতাক সংস্কাৰ সাধন কৰি আগুৱাই নিয়াৰ জৰুৰী প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। ড০ জয়শংকৰে আয়োগৰ কাম শক্তিশালী কৰাৰ বাবে ব্যৱস্থা গ্ৰহণৰ প্ৰস্তাৱ আগবঢ়ায়, য’ত পৰিমাণযোগ্য লক্ষ্যসমূহ নিৰ্ধাৰণ কৰা, মধ্যকালীন পৰ্যালোচনা অনুষ্ঠিত কৰা, ব্যৱসায়িক প্লেটফৰ্মৰ সৈতে অধিক সমন্বয় গঢ়ি তোলা আৰু কাৰ্যসূচীসমূহ বিস্তৃত কৰাৰ বাবে উদ্ভাৱনীমূলক পদ্ধতি গ্ৰহণ কৰা আদি অন্তৰ্ভুক্ত। দ্বিতীয় দিনা বিদেশ মন্ত্ৰীজনে ভাৰত-ৰাছিয়া বিজনেছ ফৰামত প্ৰথম উপ-প্ৰধানমন্ত্ৰী ডেনিছ মণ্টুৰোভৰ সৈতে অংশগ্ৰহণ কৰে। ব্যৱসায়িক নেতাসকলক সম্বোধন কৰি ড0 জয়শংকৰে গুৰুত্ব আৰোপ কৰি কয় যে, ভাৰত আৰু ৰাছিয়াই কেৱল বাণিজ্যৰ জৰিয়তে নহয়, বিনিয়োগ, যুটীয়া উদ্যোগ আৰু গভীৰ সহযোগিতাৰ জৰিয়তেও ইখনে সিখন দেশৰ বিকাশত যথেষ্ট অৰিহণা যোগাব পাৰে। আমেৰিকাই নতুন শুল্ক আৰু কৰ আৰোপৰ সময়ত এই ভ্ৰমণসূচী হাতত লোৱা হৈছে, যিয়ে বিশ্ব বাণিজ্যৰ প্ৰবাহক ন ৰূপত গঢ় দিছে। ভাৰতস্থিত ৰাছিয়াৰ দূতাবাসৰ দায়িত্বত থকা চাৰ্জ ডি এফেয়াৰ্ছ ৰোমান বাবুস্কিনে সংবাদ মাধ্যমৰ সৈতে হোৱা বাৰ্তালাপত কয় যে যদি ভাৰতীয় সামগ্ৰীবোৰে আমেৰিকাৰ বজাৰত প্ৰৱেশ কৰাত অসুবিধাৰ সন্মুখীন হয় তেন্তে ৰাছিয়াৰ বজাৰলৈ উষ্ম আদৰণি জনোৱা হ’ব। Share this:FacebookX Related Post navigation আইচিআইচিআই বেংকে বিত্তীয় বৰ্ষ ২৫ত অন্তৰ্ভুক্ত পদক্ষেপৰ জৰিয়তে ১.৮৯ কোটি লোকৰ জীৱনক শক্তিশালী কৰে ভি গেমছ-এ ভি এপ-ত মুকলি কৰিলে ‘গেলেক্সী শ্বুটাৰ্ছ ফ্ৰিডম ফেষ্ট’