Month: January 2026

টি-২০ বিশ্বকাপক লৈ অষ্ট্ৰেলিয়াৰ দল ঘোষণা

ভাৰত আৰু শ্ৰীলংকাত অনুষ্ঠিত হ’বলগীয়া আগন্তুক টি-২০ বিশ্বকাপৰ বাবে অষ্ট্ৰেলিয়াৰ নিৰ্বাচকসকলে উপমহাদেশখনৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি নিজৰ দলৰ স্পিন বলাৰক অগ্ৰাধিকাৰ দিছে।২০২১ চনৰ টি-২০ বিশ্বকাপ বিজয়ী অষ্ট্ৰেলিয়াই বৃহস্পতিবাৰে ঘোষণা কৰে…

নৃশংস ঘটনা: কৰ্ণাটকৰ বনাঞ্চলত অবৈধ বিস্ফোৰণত গৰ্ভৱতী ঢেকীয়াপতীয়া বাঘিনীৰ মৃত্যু

মানুহৰ লালসাৰ চিকাৰ হ’ল এটি গৰ্ভৱতী ঢেকীয়াপতীয়া বাঘিনী, যি কৰ্ণাটকৰ বানাশংকৰী সংৰক্ষিত বনাঞ্চলত অবৈধ খনিৰ বাবে হোৱা বিস্ফোৰণত প্ৰাণ কাঢ়িছিল। এই বিস্ফোৰণৰ ফলस्वৰূপ, গৰ্ভৱতী বাঘিনীটোৰ লগতে তিনিটা পোৱালিৰ অকাল মৃত্যু…

কৰদাতাক পুনৰ বিনিয়োগ স্থগিত ৰখাত সহায় কৰিবলৈ আইচিআইচিআই বেংকে আগবঢ়াইছে কেপিটেল গেইনছ একাউণ্ট আঁচনি

আইচিআইচিআই বেংকে কেপিটেল গেইনছ একাউণ্ট স্কিম(চিজিএএছ) আৰম্ভ কৰাৰ কথা ঘোষণা কৰিছে, এই মূলধনী লাভ একাউণ্ট আঁচনিৰ অধীনত গ্ৰাহকে নিৰ্দিষ্ট মূলধনী সম্পত্তিৰ পৰা বিনিয়োগ নকৰা দীৰ্ঘম্যাদী মূলধনী লাভ বা বিক্ৰীৰ ধন…

বন সুৰক্ষাৰ দিশে ডাঙৰ পদক্ষেপ: ডবকাত উচ্ছেদ অভিযানত ৬০০০ বিঘা সংৰক্ষিত ভূমি মুক্ত

হোজাই জিলাৰ ডবকাত বন বিভাগ আৰু জিলা প্ৰশাসনে বৃহস্পতিবাৰে এক বিশাল উচ্ছেদ অভিযান আৰম্ভ কৰিছে, যাৰ লক্ষ্য যমুনা মৌডাংগা সংৰক্ষিত বনাঞ্চলৰ প্ৰায় ৬,০০০ বিঘা ভূমি বেদখলমুক্ত কৰা। এই অভিযানৰ অধীনত,…

উন্নয়নৰ উৰণ: বৰঝাৰ বিমান বন্দৰত বছৰত ৭ নিযুত যাত্ৰীৰ যাতায়াত

২০২৫ বৰ্ষ গুৱাহাটীৰ গোপীনাথ বৰদলৈ আন্তৰ্জ্জাতিক বিমানবন্দৰৰ বাবে এক অভিলেখকাৰী বছৰত পৰিণত হৈছে, য’ত মুঠ ৭.০১ নিযুত যাত্ৰী বিমানবন্দৰটোৰ সেৱা গ্ৰহণ কৰিছে। ইয়াৰ ভিতৰত ৩৫ লাখ ঘৰুৱা আগমন আৰু ৩৪…

ৰাজনীতিত চাঞ্চল্য: গৌৰৱ গগৈৰ পাকিস্তান সংযোগৰ তথ্য প্ৰকাশ কৰিব মুখ্যমন্ত্ৰীয়ে

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই পুনৰ গৌৰৱ গগৈৰ বিৰুদ্ধে পাকিস্তান সংযোগৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে। বুধবাৰে, নৱবৰ্ষৰ প্ৰথম দিনতে, মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে, গগৈ পৰিয়ালৰ সাথে পাকিস্তানৰ সম্পৰ্কৰ বিষয়ে চৰকাৰৰ…

৪০০ বছৰীয়া পৰম্পৰাৰ অন্ত! ডেনমাৰ্কত বন্ধ হ’ল চৰকাৰী ডাক সেৱা

ডিজিটেল বিপ্লৱৰ ফলত সলনি হোৱা যোগাযোগ ব্যৱস্থাৰ পৰিপ্ৰেক্ষিতত অন্ত পৰিল ডেনমাৰ্কৰ ৪০১ বছৰীয়া ৰাজহুৱা ডাক সেৱাৰ এক ঐতিহাসিক অধ্যায়ৰ। দেশখনৰ চৰকাৰী ডাক সংস্থা ‘পোষ্টনৰ্ড’-এ মঙলবাৰে তেওঁলোকৰ অন্তিমখন চিঠি বিতৰণ কৰে।…

৫ বছৰত জব্দ ২,৯১৯ কোটি টকাৰ ড্ৰাগছ! বিজেপি চৰকাৰৰ দিনত তীব্ৰতৰ হৈছে নিচাযুক্ত দ্ৰব্যৰ বিৰুদ্ধে অভিযান

অসমত নিষিদ্ধ নিচাযুক্ত দ্ৰব্যৰ বিৰুদ্ধে ৰাজ্য চৰকাৰে চলোৱা ‘ড্ৰাগছ বিৰোধী যুদ্ধ’ই যোৱা পাঁচ বছৰত এক বৃহৎ সফলতা লাভ কৰিছে। ১ জানুৱাৰীত সামাজিক মাধ্যমযোগে এক পৰিসংখ্যা দাঙি ধৰি মুখ্যমন্ত্ৰী ড০ হিমন্ত…

কলাগুৰু ফাউণ্ডেশ্যনলৈ হস্তান্তৰ হ’ব জুবিনৰ শেষ ছবিৰ পৰা সংগৃহীত ২.৯০ কোটি টকা

অসমৰ সাংস্কৃতিক জগতৰ ধ্ৰুৱতৰা জুবিন গাৰ্গৰ মৃত্যুৰ বিষাদৰ মাজতে নতুন বছৰৰ প্ৰথমটো দিনত এক গুৰুত্বপূৰ্ণ ঘোষণা কৰিছে ৰাজ্য চৰকাৰে। শিল্পীগৰাকীৰ শেষ ছবি ‘ৰৈ ৰৈ বিনালে’ৰ পৰা সংগ্ৰহিত ২.৯০ কোটি টকাৰ…

ৰেন’ল্ট ইণ্ডিয়াই ২০২৫ চনৰ কেলেণ্ডাৰ বৰ্ষৰ দ্বিতীয়াৰ্ধত লাভ কৰিছে শক্তিশালী গতি; ডিচেম্বৰৰ বছৰি বিক্ৰী বৃদ্ধি ৩৩.৪%

ৰেনল্ট ইণ্ডিয়াই ২০২৫ চনৰ কেলেণ্ডাৰ বৰ্ষৰ দ্বিতীয়াৰ্ধত শক্তিশালী ব্যৱসায়িক বিক্ৰীৰ কথা সদৰি কৰিছে, এই সময়ছোৱাত বছৰি ১৮.২% বৃদ্ধি কৰিবলৈ সক্ষম হৈছে, যি সতেজ সামগ্ৰী আৰু কৌশলগত পদক্ষেপৰ দ্বাৰা সমৰ্থিত। চতুৰ্থ…