ৰয়েল চেলেঞ্জাৰছ বেংগালুৰু (আৰ চি বি) অভিলেখসংখ্যক ১.৭৮ বিলিয়ন ডলাৰ অৰ্থাৎ প্ৰায় ১৬,৭০৬ কোটিত বিক্ৰী হৈছে। ইয়াৰ ফলত বেংগালুৰু আই পি এলৰ আটাইতকৈ ব্যয়বহুল দল হিচাপে পৰিগণিত হৈছে। প্ৰতিযোগিতাখনৰ ডিফেণ্ডিং চেম্পিয়নো হৈছে আৰ চি বি। এক প্ৰতিবেদন অনুসৰি আৰচিবিৰ পুৰুষ আৰু মহিলা দল আদিত্য বিৰলা গ্ৰুপ (এবিজি), টাইমছ অৱ ইণ্ডিয়া গ্ৰুপ (টিঅ’আই), ব’ল্ট ভেঞ্চাৰছ (ব’ল্ট), আৰু ব্লেকষ্টোনৰ পাৰ্পেচুৱেল প্ৰাইভেট ইকুইটি ষ্ট্ৰেটেজি (বিএক্সপিই)য়ে যৌথভাৱে ক্ৰয় কৰিছে। এই চুক্তি সম্পূৰ্ণ কৰাৰ বাবে বিচিচিআই, ভাৰতীয় প্ৰতিযোগিতা আয়োগ, আৰু অন্যান্য নিয়ন্ত্ৰণ সংস্থাৰ অনুমোদন ল’ব লাগিব। দুয়োটা দল বৰ্তমান আই পি এল আৰু ডব্লিউ পি এল চেম্পিয়ন। ইয়াৰ পূৰ্বে মঙলবাৰে ক্ৰিকবাজে প্ৰকাশ কৰা অনুসৰি ৰাজস্থান ৰয়েলছ ১.৬৩ বিলিয়ন ডলাৰ অৰ্থাৎ প্ৰায় ১৫,২৮৯ কোটি  (প্ৰায় ১৫,২৮৯ কোটি )ত বিক্ৰী কৰা হৈছে। ৰাজস্থান এতিয়া আই পি এলৰ দ্বিতীয় ব্যয়বহুল দল হিচাপে পৰিগণিত হৈছে।

নিউজ এজেন্সী সূত্ৰৰ উদ্ধৃতিৰে প্ৰকাশ কৰা অনুসৰি ভাৰতীয়-আমেৰিকান ব্যৱসায়ী কল সোমানি আৰু তেওঁৰ কনচৰ্টিয়ামে ৰাজস্থানৰ বাবে সৰ্বাধিক নিবিদা দিছিল, যিটো গ্ৰহণ কৰা হৈছে। ২০২১ চনত সঞ্জীৱ গোৱেংকাৰ আৰ পি এছ জি গ্ৰুপে ৭,০৯০ কোটি টকাত ক্ৰয় কৰা ৰাজস্থান ৰয়েলছৰ অভিলেখ ভংগ কৰি আৰ চি বি আটাইতকৈ ব্যয়বহুল দল হিচাপে পৰিগণিত হয়। ৰয়েল চেলেঞ্জাৰছ বেংগালুৰু (আৰ চি বি)ৰ নতুন মালিকীস্বত্বৰ লগে লগে আদিত্য বিৰলা গ্ৰুপৰ পৰিচালক আৰ্য্যমান বিৰলাকো দলটোৰ অধ্যক্ষ হিচাপে নিযুক্তি দিয়া হয়। ২৮ বছৰীয়া আৰ্য্যমানে বিৰলাৰ ক্ৰিকেট আৰু ব্যৱসায় দুয়োটা দিশতে অভিজ্ঞতা আছে। প্ৰাক্তন প্ৰথম শ্ৰেণীৰ ক্ৰিকেটাৰ আৰু মধ্যপ্ৰদেশৰ হৈ ৰঞ্জী ট্ৰফী খেলিছিল। তেওঁ ১৬ ইনিংছত এটা শতককে ধৰি ৪১৪ ৰান সংগ্ৰহ কৰে। ২০১৮ চনৰ আই পি এলৰ নিলামত ৰাজস্থান ৰয়েলছে ৩০ লাখ টকাত ক্ৰয় কৰিছিল যদিও বহু সুযোগ নাপালে। ইয়াৰ পিছতে ২০১৯ চনত ক্ৰিকেটৰ পৰা অৱসৰ লৈছিল। ক্ৰিকেটৰ পৰা অৱসৰ লোৱাৰ পিছত তেওঁ ব্যৱসায়ত মনোনিৱেশ কৰিছিল। আৰ্য্যমানে আদিত্য বিৰলা গ্ৰুপৰ আতিথ্য আৰু ভেঞ্চাৰ কেপিটেলৰ ব্যৱসায় আৰম্ভ কৰে। ২০২৩ চনত তেওঁ গোটটোৰ শীৰ্ষ সিদ্ধান্ত গ্ৰহণকাৰী সংস্থাত যোগদান কৰে।

হিন্দলকো ইণ্ডাষ্ট্ৰীজ, গ্ৰাছিম ইণ্ডাষ্ট্ৰীজ, আদিত্য বিৰলা ফেশ্বন ৰিটেইল আদি কোম্পানীৰ ব’ৰ্ডতো তেওঁ কাৰ্যনিৰ্বাহ কৰে। চাৰিটা কোম্পানীৰে গঠিত কনচৰ্টিয়ামে পূৰ্বৰ মালিক ইউনাইটেড স্পিৰিটছ লিমিটেড (ইউ এছ এল)ৰ সৈতে আৰ চি বিৰ ১০০ শতাংশ শ্বেয়াৰ অধিগ্ৰহণৰ বাবে চুক্তিবদ্ধ হয়। এই চুক্তিত পুৰুষ আৰু মহিলা দুয়োটা দল অন্তৰ্ভুক্ত কৰা হৈছে। মহিলা দলটোৱে মহিলা প্ৰিমিয়াৰ লীগ (ডব্লিউ পি এল) দুটাকৈ খিতাপ দখল কৰাৰ বিপৰীতে ২০১৫ চনত পুৰুষৰ দলটোৱে প্ৰথম খিতাপ দখল কৰিছিল। উল্লেখ্য যে ২০০৮ চনত বিজয় মালিয়াই ১১১.৬ মিলিয়ন ডলাৰত আৰচিবি ক্ৰয় কৰিছিল। সেই সময়ত ভাৰতীয় মুদ্ৰাত ইয়াৰ মূল্য আছিল ৪৪৬ কোটি টকা, কিন্তু ২০২৬ চনৰ মাৰ্চ মাহৰ ৰূপান্তৰৰ ভিত্তিত ইয়াৰ মূল্য হয় ১০৫০ কোটি টকা। অৰ্থাৎ ১৯ বছৰত আৰ চি বিৰ মূল্য প্ৰায় ১৬গুণ বৃদ্ধি পাইছে। ২০১৬ চনত ইউ এছ এলে আৰ চি বি অধিগ্ৰহণ কৰে। এতিয়া ১০ বছৰৰ পাছত দলটোৱে নতুন গৰাকী লাভ কৰিছে। আই পি এল ২০২৬ৰ প্ৰাৰম্ভিক সূচীত আৰ চি বিয়ে মুঠ চাৰিখন মেচ খেলিব। ২৮ মাৰ্চত বেংগালুৰুত প্ৰথমখন মেচ খেলিব এছ আৰ এইচৰ বিৰুদ্ধে, যিখন ছিজনৰ আৰম্ভণিও। ইয়াৰ পিছতে ৫ এপ্ৰিলত বেংগালুৰুত পুনৰ চি এছ কেৰ মুখামুখি হ’ব আৰ চি বি। ১০ এপ্ৰিলত গুৱাহাটীত আৰ আৰৰ বিৰুদ্ধে অনুষ্ঠিত হ’ব তৃতীয়খন খেল। অহা ১২ এপ্ৰিলত মুম্বাইত এম আইৰ বিৰুদ্ধে খেলিব চতুৰ্থখন খেল।

Leave a Reply

Your email address will not be published. Required fields are marked *