নিষিদ্ধ ড্ৰাগছ সৰবৰাহৰ নিৰাপদ কৰিড’ৰত পৰিণত হৈছে এইবাৰ চুবুৰীয়া ৰাজ্য মিজোৰাম। চুবুৰীয়া ৰাষ্ট্ৰ ম্যানমাৰৰ পৰা প্ৰায় প্ৰতিদিনেই ম্যানমাৰ সীমান্তৱৰ্তী চাম্পাই জিলাৰে ভাৰতলৈ সৰবৰাহ কৰা হয় কোটি কোটি টকাৰ নিষিদ্ধ ড্ৰাগছ।তাৰ মাজতেই ড্ৰাগছৰ বিৰুদ্ধে খানকাউন পুলিচ চেক গেটত তালাচী চলাই চম্পাই আৰক্ষীয়ে এখন I10 বাহনৰ পৰা ১৫৬ টা হেৰ’ইন ভৰ্তি চাবোনৰ বাকচ জব্দ কৰে। বাকচ কেইটাৰ পৰা প্ৰায় ১.৯০২ কেজি হেৰ’ইন জব্দ কৰা হয়।উল্লেখযোগ্য যে জব্দ‌ কৰা হেৰ’ইনখিনিৰ বজাৰ মূল্য বহু কোটি টকা হ’ব বুলি সদৰী কৰিছে আৰক্ষীয়ে।

Leave a Reply

Your email address will not be published. Required fields are marked *