লোকসভা নিৰ্বাচনৰ তিনিটা পৰ্যায়ৰ ভোটগ্ৰহণ অন্ত পৰিছে। এই নিৰ্বাচনত, বিজেপিয়ে এন ডি এ ৪০০ খন আসন জিকাৰ দাবী কৰিছে। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ওড়িশাৰ মালকানগিৰীত এখন নিৰ্বাচনী জনসভাত ভাষণ দি কয়-মানুহে আমাক সুধে আমাক ৪০০ খন আসনৰ কিয় প্ৰয়োজন? তেওঁ কয়- আমাক ৪০০ খন আসনৰ প্ৰয়োজন, অন্যথা কংগ্ৰেছে শাসনলৈ আহি পুনৰ ৰাম মন্দিৰৰ ঠাইত এটা মছজিদ নিৰ্মাণ কৰিব পাৰে। আমি এইটোও নিশ্চিত কৰিব লাগিব যে আমাৰ দেশত বাবৰি মছজিদ কেতিয়াও যাতে নিৰ্মাণ নহয়, সেয়েহে মোদীজীক আমি ৪০০ তকৈ অধিক আসন দি প্ৰধানমন্ত্ৰী কৰিব লাগিব। তেওঁ লগতে কয় যে বিজেপি চৰকাৰে জনজাতীয় সমাজক উন্নত কৰিবলৈ চেষ্টা কৰি আছে। আমাৰ চৰকাৰে বিশ্বাস কৰে যে সংৰক্ষণৰ সুবিধা কেৱল অনুসূচীত জাতি, অনুসূচীত জনজাতি, অ’বিচি সম্প্ৰদায়ক হে দিয়া উচিত। আমি মুছলমানসকলৰ বাবে পৃথক সংৰক্ষণ প্ৰৱৰ্তন কৰাৰ কংগ্ৰেছ বা আন যিকোনো দলৰ যিকোনো পদক্ষেপৰ দ্ব্যর্থহীন ভাৱে বিৰোধিতা কৰোঁ। তেওঁ কয় – লোকসভা নিৰ্বাচনৰ লগতে ওড়িশা বিধানসভা নিৰ্বাচনতো বিজেপিয়ে ভাল প্ৰদৰ্শন কৰিব। আমি লোকসভা নিৰ্বাচনত ওড়িশাত ১৮ ৰ পৰা ২০ খন আসন জিকিম। বিজেপিয়েও ওড়িশাত চৰকাৰ গঠন কৰিবলৈ আগবাঢ়িছে। Share this:FacebookX Related Post navigation দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক অন্তৱৰ্তীকালীন জামিন তৃতীয়বাৰলৈ বাৰাণসী লোকসভা আসনৰ পৰা মনোনয়ন দাখিল নৰেন্দ্ৰ মোদীৰ