সমগ্ৰ ৰাজ্যকে এতিয়া উৎকট গৰমে দহিছে। নগাঁও জিলাৰ বিভিন্ন প্ৰান্তত চলিছে বিদ্যুতৰ সঘন লুকাভাকু। অতিষ্ঠ হৈছে ৰাইজ।
নিশা উজাগৰে কটাবলগীয়া হৈছে ৰাইজে।২৪ ঘন্টাৰ ভিতৰত দুই তিনি ঘন্টাহে বিদ্যুত থাকে। বিদ্যুতৰ সঘন লোড চেডিং ৰ ফলত হাহাকাৰ লাগিছে ৰাইজৰ মাজত।নগাঁও জিলাৰ বিভিন্ন অঞ্চলৰ বিদ্যুত সংমণ্ডলৰ অধীনৰ বিদ্যুত গ্ৰাহকক বিদুৎ বিলৰ নামত হাৰাশাস্তি কৰি আহিছে যদিও বিদ্যুতৰ লুকাভাকু বন্ধ কৰাত সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে বিভাগটো।

Leave a Reply

Your email address will not be published. Required fields are marked *