জ্যোতিনগৰস্থিত পূৱ গুৱাহাটী উচ্চ বিদ্যালয়ৰ আতিথ্যত আৰু সামাজিক সাংস্কৃতিক গোষ্ঠী ” সুৰতীৰ্থ”ৰ উদ্যোগত উক্ত বিদ্যালয় প্ৰাংগণত ৫ দিনীয়াকৈ অনুষ্ঠিত তৃপ্তিৰেখা গোস্বামী সোঁৱৰণী অসমীয়া গীতৰ কৰ্মশালাৰ সফলতাৰে সামৰণি পৰে ।

৮ জুলাইত আৰম্ভ কৰা এই কৰ্মশালাত ৬০ গৰাকী ভিন-ভিন প্ৰান্তৰ বিদ্যাৰ্থীয়ে প্ৰশিক্ষণ লয় । আজিৰ সামৰণি অনুষ্ঠানত অসম কেশৰী অম্বিকাগিৰী ৰায় চৌধুৰীৰ কন্যা তথা বিশিষ্ট শিল্পী যুগব্ৰতা দত্ত, সংগীত পৰিচালক জে পি দাস, বিশিষ্ট চকু চিকিৎসক তথা জ্যেষ্ঠ শিল্পী ডা: বিৰাজ জ্যোতি গোস্বামী, অসম সাহিত্য সভাৰ সাংস্কৃতিক উপ-সমিতিৰ আহ্বায়ক তথা সংগীত পৰিচালক অৱনী ৰঞ্জন পাঠক, সুৰতীৰ্থৰ উপ-সভাপতি কণিকা ভট্টাচাৰ্য, পৰাগজ্যোতি প্ৰকাশনৰ সচিব তথা কবি -সাংবাদিক দীপক শৰ্মা, পূৱ গুৱাহাটী উচ্চ বিদ্যালয়ৰ সহ:প্ৰধান শিক্ষক দিলীপ শৰ্মা, তবলা বাদক বিৰাজ মোহন দাস, গীতিকাৰ বেণুধৰ কলিতা আৰু সংগীত পৰিচালক অতুল মেধিয়ে বিশিষ্ট অতিথি হিচাপে অংশ লয় ।

শিল্পী যুগব্ৰতা দত্তই নিজস্ব ভাষণত পুৰণি গীত শিকাৰ আগ্ৰহত আহ্লাদিত হৈ পৰে । শিল্পীসকলে গীত গাওঁতে শব্দৰ প্ৰকাশভংগীত গুৰুত্বাৰোপ কৰিব লাগে বুলি কয় । ডা: বিৰাজ জ্যোতি গোস্বামীয়ে কয়- শৈশৱ- কৈশোৰৰ পৰা সংগীত শিক্ষাৰ আগ্ৰহ আৰু নিজক সুষ্ঠ সৱল কৰি তোলাত সংগীতৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰে । সাংবাদিক দীপক শৰ্মাই কয়- সুৰতীৰ্থই যি কাম কৰি আহিছে, সেইয়া বৰ আন্তৰিকতাৰে আৰু ইতিবাচক ধৰণেৰে কৰি আহিছে ।

কোনো ধৰণৰ ভৰ্তি মাচুল নোলোৱাকৈ পাঠদান কৰাটো বৰ প্ৰশংসাৰ পাত্ৰহৈ পৰিছে । শিক্ষক দীপমণি চুতীয়াই আঁত ধৰা লগতে সুৰতীৰ্থৰ সম্পাদক হীৰেণ শৰ্মাই উদ্দেশ্যে আৰু আদৰণি জনোৱা অনুষ্ঠানত শিকাৰুসকলে গীত পৰিৱেশন কৰে আৰু প্ৰতিজনকে প্ৰমাণ পত্ৰ প্ৰদান কৰে ।

৫ দিনে প্ৰশিক্ষণ প্ৰদান কৰে জে পি দাস, যুগব্ৰতা দত্ত, অৱনী ৰঞ্জন পাঠক, অতুল মেধি, হেমন্ত নাথ, ড০ ৰূপাঞ্জলী হাজৰিকা আৰু গীতাঞ্জলি মহন্ত বৰুৱাই ।

Leave a Reply

Your email address will not be published. Required fields are marked *