ভাৰতীয় বেগী বলাৰ যশপ্ৰীত বুমৰাহ টি-২০ বলাৰৰ ৰেংকিঙত পুনৰ পঞ্চম স্থান দখল কৰিছে। এখনো মেচ খেলি নোপোৱাকৈয়ে তেওঁ শীৰ্ষ পাঁচ স্থানত স্থান লাভ কৰে। কাৰণ টি-২০ বিশ্বকাপৰ পিছত দক্ষিণ আফ্ৰিকা আৰু নিউজিলেণ্ডৰ মাজত অনুষ্ঠিত হোৱা পাঁচখন মেচৰ শৃংখলাৰ বাবে কৰ্বিন বছক দক্ষিণ আফ্ৰিকাৰ দলত অন্তৰ্ভুক্ত কৰা হোৱা নাছিল। ইয়াৰ ফলত ৰেংকিং হ্ৰাস পাই ষষ্ঠ স্থানলৈ নামি আহিছে। বুধবাৰে আইচিচিয়ে প্ৰকাশ কৰে খেলুৱৈৰ শেহতীয়া ৰেংকিং। ৭০২ ৰেটিং পইণ্টেৰে পঞ্চম স্থানলৈ উন্নীত হয় বুমৰাহ।

টি-২০ বিশ্বকাপৰ ফাইনেলত বুমৰাহক প্লেয়াৰ অৱ দ্য মেচ হিচাপে নিৰ্বাচিত কৰা হয়। বেটিং ৰেংকিঙৰ বিশেষ পৰিৱৰ্তন হোৱা নাই। শীৰ্ষত আছে ভাৰতৰ অভিষেক শৰ্মা (৮৭৫ ৰেটিং পইণ্ট)। ২০২৫ চনৰ জুলাই মাহৰ পৰা টি-২০ আইত শীৰ্ষ স্থান দখল কৰি আহিছে। নিউজিলেণ্ডৰ অধিনায়ক মিচেল ছাণ্টনাৰে টি-২০ আন্তঃৰাষ্ট্ৰীয় ৰেংকিঙত উপকৃত হৈছে। দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে পাঁচখন খেলৰ শৃংখলাৰ প্ৰথম দুখন মেচত তেওঁ তিনিটা উইকেট দখল কৰি ৩৫ ৰান সংগ্ৰহ কৰি বৰ্তমান তিনিখন মেচ বাকী থকা অৱস্থাত ১-১ গ’লত সমতা স্থাপন কৰে।

এই প্ৰদৰ্শনে ছাণ্টনাৰক ১১ স্থান অগ্ৰগতিৰে বলাৰৰ ৰেংকিঙত ১৩ নম্বৰত উপনীত হোৱাত সহায় কৰিছে, যিটো যোৱা সপ্তাহত ২৪ নম্বৰ স্থানত আছিল। টি-২০ অল ৰাউণ্ডাৰ ৰেংকিঙতো কেৰিয়াৰৰ শ্ৰেষ্ঠ ৰেংকিঙত উপনীত হৈছে মিচেল ছাণ্টনাৰ। তেওঁ দুটা স্থান অগ্ৰগতিৰে সপ্তম স্থানত উপনীত হৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *