ইণ্ডিয়া য়ামাহা মটৰে(আইৱাইএম) দেশজুৰি ৩০০খন ব্লু স্কোৱাৰ শ্ব’ৰুম উদ্বোধন কৰি এক উল্লেখযোগ্য মাইলৰ খুঁটিত উপনীত হৈছে। ‘কল অৱ দ্য ব্লু’ অভিযানৰ বেনাৰত মুকলি হোৱা ব্লু স্কোৱাৰ পদক্ষেপে মটৰ চাইকেল অনুৰাগীসকলৰ বাবে এক নিমজ্জিত আৰু প্ৰিমিয়াম অভিজ্ঞতা প্ৰদানৰ বাবে য়ামাহাৰ অটল প্ৰতিশ্ৰুতি পুনৰবাৰ উদ্ভাসিত হৈছে।

অতি সতৰ্কতাৰে প্ৰস্তুত কৰি সজাই তোলা আউটলেটবোৰে কেৱল ৰিটেইল স্পেচ হিচাপেই নহয় লগতে য়ামাহাৰ সমৃদ্ধ ৰেচিং ডিএনএকো মূৰ্ত কৰা একো একোটা নিমজ্জিত কেন্দ্ৰ হিচাপেও কাম কৰিছে। ইয়াত প্ৰিমিয়াম দুচকীয়া বাহন, আৱৰণ অথবা আনুষংগিক সামগ্ৰীৰ এক বিশেষ পৰিসৰ আগবঢ়াইছে, যাৰ ফলত গ্ৰাহকৰ যাত্ৰাই নতুন শিখৰ চুমিছে।

য়ামাহা মটৰ ইণ্ডিয়া গ্ৰুপ অৱ কোম্পানীৰ অধ্যক্ষ আইশ্বিন চিহানাৰ নেতৃত্বত অৰ্জন কৰা এই সাফল্যই বিক্ৰী, সেৱা আৰু গ্ৰাহকৰ সন্তুষ্টিৰ ক্ষেত্ৰত উদ্যোগ জতত নতুন মানদণ্ড নিৰ্ধাৰণ কৰিছে, যিয়ে য়ামাহাৰ অটল প্ৰতিশ্ৰুতিক আকৌ এবাৰ প্ৰমাণ কৰিলে। দক্ষিণ ভাৰতত ১২৯টা, পূব ভাৰতত ৮১টা, পশ্চিম ভাৰতত ৫৪টা আৰু উত্তৰ ভাৰতত ৩৭টা আউটলেটেৰে য়ামাহাৰ ব্লু স্কোৱাৰৰ নেটৱৰ্ক দ্ৰুতগতিত সম্প্ৰসাৰিত আছে, যিয়ে দেশজুৰি মটৰ চাইকেল অনুৰাগীসকলৰ বাবে এক অতুলনীয় মালিকীস্বত্ব অভিজ্ঞতাৰ প্ৰতিশ্ৰুতি দিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *