গুৱাহাটীৰ বশিষ্ঠ আৰক্ষী থানাৰ অন্তৰ্গত পাটৰকুছি অঞ্চলত  ভাড়াতীয়া হিচাপে থকা সুমিত্ৰা বড়ো (৩৫) নামৰ এগৰাকী বিবাহিতা  মহিলাৰ  নিশা শুই থকা অৱস্থাত মৃত্যু  হয়। জানিব পৰা মতে কিবা অপৰাধজনিত কাৰণত মহিলা গৰাকীৰ স্বামী কাৰাগাৰত আছিল আৰু মহিলাগৰাকী জানুৱাৰী মাহৰ পৰা পাটৰকুছিৰ মন্টু কলিতাৰ ঘৰত  ভাৰতীয়া হিচাপে  আছিল।

বশিষ্ঠ চাৰিআলিৰ দোকানত কাম কৰি জীৱিকা নিৰ্বাহ কৰি থকা মহিলা গৰাকী কিছুদিন পূৰ্বে দুৰ্ঘটনাত পতিত হৈ আঘাটপ্ৰাপ্ত হৈছিল আৰু স্বাস্থ্যৰ বহুখিনী অৱনতি ঘটিছিল। সিদিনা  নিশা বহু দেৰিলৈকে শুই থকা দেখি ভাৰাঘৰৰ মালিকে মহিলা গৰাকীক জগাবলৈ যোৱাত মৃত অৱস্থাত প্ৰত্যক্ষ কৰে।

তাৰ পাছত স্থানীয় বশিষ্ঠ থানাত খবৰ দিয়াত এটা আৰক্ষীৰ দল পাটৰকুছিলৈ আহি মহিলাগৰাকীৰ মৃতদেহটো উদ্ধাৰ কৰি জি এম চি এইচত মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰি মৰ্গত ৰখাৰ ব্যৱস্থা কৰিছিল। কিন্তু  এটা সপ্তাহ পাৰ হৈ যোৱাৰ পাছতো মহিলাগৰাকীৰ পৰিয়ালৰ কোনো লোক মৃতদেহ চমজি লবলৈ নহাত স্বাভাবিকতে আৰক্ষী বিপাঙত পৰিছে বুলি জানিব পৰা গৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *