অসম বিধানসভা নিৰ্বাচনৰ গৰম বতাহে এতিয়া চুই গৈছে বকো-ছয়গাঁও সমষ্টিৰ প্ৰতিটো প্ৰান্ত। মঙলবাৰে বকো গান্ধী ময়দানত এন ডি এৰ প্ৰাৰ্থী ৰাজু মেছৰ সমৰ্থনত আয়োজিত এক বিশাল নিৰ্বাচনী সভাত অংশ লয় বি টি আৰৰ মুৰব্বী হাগ্ৰামা মহিলাৰী আৰু ৰাজ্যিক কেবিনেট মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই। বিয়লি প্ৰায় ৩ বজাত হেলিকপ্টাৰেৰে বকোত উপস্থিত হোৱা দুই তাৰকা প্ৰচাৰকক চাবলৈ হাজাৰ হাজাৰ লোকৰ সমাগম ঘটে।

বিজেপিৰ হৈ নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হোৱা ৰাজু মেছে জনসাধাৰণক সম্বোধন কৰি এক তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে। তেওঁ কয়, “বিজেপিক ভোট দিয়াটো তীৰ্থ ভ্ৰমণলৈ যোৱাৰ দৰেই এক পুণ্যৰ কাম।” বকোবাসীয়ে এইবাৰ প্ৰথমবাৰৰ বাবে এজন বিজেপি বিধায়ক নিৰ্বাচিত কৰিবলৈ সাজু হৈছে বুলিও তেওঁ দৃঢ়তাৰে প্ৰকাশ কৰে। এই সভাত দক্ষিণ কামৰূপ জিলা বিজেপিৰ সভাপতি অঞ্জন গোস্বামী, অগপ নেতা জ্যোতি প্ৰসাদ দাস আদিকে ধৰি মিত্ৰজোঁটৰ কেইবাগৰাকীও শীৰ্ষ নেতা উপস্থিত থাকে।

সভাৰ অন্যতম আকৰ্ষণ হাগ্ৰামা মহিলাৰীয়ে নিজৰ চিৰ পৰিচিত ধেমেলীয়া শৈলীৰে উপস্থিত ৰাইজক আমোদ দিয়ে। বিশেষকৈ মহিলাৰ বৃহৎ উপস্থিতি দেখি তেওঁ কয় যে সভালৈ মহিলা অহা মানেই বিজেপিৰ ঘৰলৈ সাক্ষাৎ ‘লক্ষ্মী দেৱী’ অহা। অসমীয়া, হিন্দী আৰু বড়ো— তিনিওটা ভাষাতে ভাষণ দি মহিলাৰীয়ে ৰাইজক আশ্বাস দি কয়, “মই বি টি আৰৰ চীফ হ’ব পাৰোঁ, কিন্তু যদি ৰাজু মেছে বকোত কাম নকৰে, তেন্তে হাগ্ৰামা মহিলাৰীক জনাব। হাগ্ৰামা মহিলাৰীয়ে সমগ্ৰ ভাৰততে কাম কৰে।” ভাৰতৰ বিভিন্ন প্ৰান্তত বড়োলেণ্ড গেষ্ট হাউচ নিৰ্মাণ কৰাৰ দৰে বকো-ছয়গাঁও সমষ্টিতো প্ৰয়োজন হ’লে তেনে ভৱন নিৰ্মাণ কৰা হ’ব বুলি তেওঁ প্ৰতিশ্ৰুতি দিয়ে।

আনহাতে, মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই ভাষণ প্ৰসংগত কংগ্ৰেছক তীব্ৰ সমালোচনা কৰে। কংগ্ৰেছক ভোট দিলে কেৱল লুঙি, টুপী বা কম্বলহে পোৱা যাব বুলি কটাক্ষ কৰি তেওঁ কয় যে বিজেপিক ভোট দিলে মহিলাসকলে ৯ হাজাৰৰ পৰা ৫০ হাজাৰ টকালৈকে আৰ্থিক সাহায্য লাভ কৰিব। ইয়াৰ উপৰিও সমবায়ৰ জৰিয়তে বৰ্তমান কম মূল্যত পাই থকা দাইল, চেনি আৰু নিমখৰ লগতে মিঠাতেলো অনাগত দিনত চৰকাৰে বিনামূলীয়াকৈ যোগান ধৰিব বুলি তেওঁ ঘোষণা কৰে। আগন্তুক ৯ এপ্ৰিলত ৰাজু মেছক জয়যুক্ত কৰিবলৈ তেওঁ সমষ্টিবাসীক আহ্বান জনায়।

Leave a Reply

Your email address will not be published. Required fields are marked *